এতিয়া তোমালোকে নিজ ডাঢ়ি-চুলি-নখ কাটি নতুন সাজ-পাৰ পিন্ধি আকৌ এবাৰ আত্মাক চাই আহাঁ।’ দুয়ো তেনে কৰি ঋষিক কলেহি, ‘ভগৱান, এইবাৰ আত্মাক নতুন সাজ-পাৰেৰে বৰ ধুনীয়া দেখি আহিলোঁ। ইমানতে তেওঁলোকৰ ব্ৰহ্মবিদ্যা শেষ হল ভাবি ঋষিয়ে নোকাৱাকৈয়ে দুয়ো আশ্ৰমৰ পৰা গুচি আহিল। বিৰোচনে দানৱ সমাজত প্ৰচাৰ কৰিলে, দেহেই আত্মা; এই দেহৰ ভোগেই আত্মাৰ ভোগ।’
ইন্দ্ৰই কিন্তু অলপ বাট আহিয়ে ভাবি চালে, ওঁহো, দেহেই আত্মা কেনেকৈ হব পাৰে? দেহৰ ক্ষয়-বৃদ্ধি, জন্ম-মৃত্যু আছে; আত্মা অক্ষয় আৰু অজৰ-অমৰ নিশ্চয়।’ ইন্দ্ৰ পুনৰ সমিধ-পাণি হৈ নিজৰ সন্দেহৰ কথা ঋষিক কলে; ঋষিয়ে বুলিল, ‘সচা কথা, দেহ বা তাৰ ছায়া আত্মা নহয়। বাৰু, তুমি আৰু কিছুকাল মোৰ আশ্ৰমত থাকি আত্মশুদ্ধি কৰা, মই পুনৰ উপদেশ দিম। অনেক বছৰৰ মূৰত ইন্দ্ৰৰ আত্মশুদ্ধি হ’ল ভাবি ঋষিয়ে এইবাৰ উপদেশ দিলে, “মানুহৰ টোপনিত থাকোঁতেও যিজন সাৰে থাকে, তেৱেই আত্মা।’ অন্ততঃ এইবাৰ আত্মজ্ঞান হল ভাবি ইন্দ্ৰই ঋষিৰ আশ্ৰম এৰি স্বৰ্গলৈ বুলি কিছু দূৰ যোৱাৰ পাছত আকৌ মনত খুকুৰি লাগিল ‘মানুহ টোপনিত থাকোঁতেও সপোনত তেওঁ কেতিয়াবা নানা দুখ-কষ্ট ভোগ কৰে; কিন্তু আত্মাৰ ভোক নাই, শোক নাই; তেন্তে টোপনিত সাৰে থকা জন কেনেকৈ আত্মা হব পাৰে? পুনৰ সমিধ-পাণি হৈ তেওঁ ঋষিৰ কাষত উপস্থিত হৈ তেওঁৰ নতুন সন্দেহৰ কথা কলে; ঋষিয়ে বুলিলে, ‘তুমি ঠিক ধৰিছাঁ; বাৰু, আৰু অলপদিন আশ্ৰমত থাকি আত্মশুদ্ধি লাভ কৰা মই নতুন উপদেশ দিম। এই দৰে আকৌ ৩২ বছৰ আশ্ৰমত থকাৰ পাছত ঋষিয়ে তেওঁক পুনৰ উপদেশ কৰিলে, ‘শুই থাকোঁতে যি কোনো সপোন নেদেখে সেই নিৰ্বিকাৰজনেই আত্মা।’ ইন্দ্ৰই ভাবিলে এইবাৰ নিশ্চয় তেওঁৰ আত্মজ্ঞান সম্পূৰ্ণ হল; কিন্তু আশ্ৰম এৰি আকৌ অলপ বাট যাওঁতেই তেওঁৰ মনত পেলালে,‘বাৰু,