কেনে স্ত্ৰী উপযুক্ত তাক বৰ্ণাইছে (৬।৩৫-৪০) আৰু “মাতৃযোনিম্
পবিত্যজ্য মৈথুনম্ সৰ্বযোনীষু” ( ৬।৪৪), “দ্বাদশাব্দাধিক যোনিৰ্যাবৎ
যষ্ঠি প্ৰজায়তে। তাবত্তু মৈথুনং তস্মাৎ স্বয়ম্ভুব” (৬।৪৫) বুলি
লিখিছে।
হীনযান, মহাযান, বজ্ৰযান, বৌদ্ধ-তান্ত্ৰিক আদি বিভিন্ন পৰবৰ্তী
বৌদ্ধ সম্প্ৰদায়বোৰেও ধৰ্মৰ নামত এনে অধৰ্মৰ ইন্ধন যোগাইছিল
বুলি গুৰু-চৰিতবোৰৰ পৰা বুজিব পাৰি। জলসাই-থলসাই আদি
নানা আদিম পূজা-পদ্ধতিৰ উপৰিও কছাৰীবিলাকে বোলে “ব্ৰা-ব্ৰী”
পূজা কৰিছিল।
অতিশয় উত্তাপৰ ছাটি-ফুটিয়েও আৰু অত্যন্ত খৰাং বতৰৰ ধূলি-
মাকতিয়েও যেনেকৈ এছাটি জুৰ বতাহ আৰু এজাকি শান্তিময়
বৃষ্টিৰ সঙ্কেত দিয়ে, ধৰ্মৰ নামত অধৰ্মৰ এই তাণ্ডৱ নৃত্য বা প্ৰলয়-
নাচনো নতুন সৃষ্টিৰে আগজাননী বুলি বুজিব পাৰি। গতিকে অতি
স্বাভাৱিক ৰূপেই এই সময়ত বহু দেৱ-দেৱীৰ ঠাইত “এক-দেৱ এক-
সেৱ, এক বিনে নাই কেৱ” বুলি বহু দেৱ-দেৱীৰ পূজা-পাতলৰ
কপটতা আৰু আড়ম্বৰৰ ঠাইত চিত্ত-শুদ্ধিজনক সহজ সৰল ভক্তিৰে
নাম-ধৰ্ম শঙ্কৰদেৱে যেতিয়া প্ৰচাৰ কৰিলে তাকে সেইদৰেই জন-গণে
আদৰেৰে যে গ্ৰহণ কৰিব ইয়াকো সহজে আশা কৰিব পাৰি।
ইয়াতেও ঠিক সমানেই তেনেকৈয়ে স্বাৰ্থজড়িত আৰু সুবিধা-
প্ৰাপ্তবিলাকে তাৰ বিৰুদ্ধে যে প্ৰতিক্ৰিয়া কৰিবই তাতো বিস্ময়
মানিবলৈ একো নাই। এতেকে আমি দেখা পাওঁ ৰাজনৈতিক
ক্ষেত্ৰৰ বাহিৰত নানা যুজ-বাগৰ চলি থকা অৱস্থাৰ ভিতৰতে যেনেকৈ
এই যুগতে বিপুল আহোম ৰাজশক্তি গঢ়ি উঠিল, সমাজনৈতিক
ক্ষেত্ৰতো বিভিন্ন ধৰ্ম-অধৰ্মৰ এনে তয়া-ময়া ৰণ চলি থকাৰ মাজতেই
বিৰাট বৈষ্ণৱ ধৰ্মই আধিপত্য লাভ কৰি বহিল।
অসমৰ এই বৈষ্ণৱ যুগ (১৪৫০-১৬৫০), ইফালেও ইংৰাজী সাহিত্যৰ
ৰেণেছেঞ্চ্ (১৪০০-১৫০০), এলিজাবেথীয় (১৫৫০-১৬২০) আৰু
পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৪৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪০
যুগনায়ক শঙ্কৰদেৱ