পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৯
অসমীয়া সমাজ-বোৰৰ জাগৃতি


সমাজ বসন্ত-মুখৰ হৈ উঠিব নোৱাৰিছিল। শঙ্কৰদেৱৰ মহীয়সী সৃজনী প্ৰতিভাৰ এয়ে সংশ্লেষণী শক্তি।

 “পুৰণি অসমত যথাক্ৰমে দশম আৰু পঞ্চদশ শতিকা মানত ৰচিত বোলা ভাৰত প্ৰসিদ্ধ সংস্কৃত এই কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰই অন্ধকাৰময় প্ৰাচীন অসমীয়া সমাজৰ সৰহখিনিত ফটফটীয়া পোহৰ পেলায়। বাহিৰে দেখাত ৰাজনৈতিক ফালৰ দৰেই সমাজ -নৈতিক ফালেও ই এক যুজ-বাগৰৰ কাল। আহোম বিলাকৰ ধৰ্ম আদিতে কি আছিল কোৱা টান হলেও তেওঁলোকৰ পূৰ্ববৰ্তী বাৰভূঞা আৰু চুতীয়া বিলাক যে বিভিন্ন শাক্ত-ধৰ্মাৱলম্বী আছিল তাত সন্দেহ নাই। সদিয়াত কেচাইখাতী তাম্ৰেশ্বৰী মন্দিৰ বুকাননে স্বৰূপভাৱেই ‘পূবৰ কামাখ্যা মন্দিৰ’ বুলিছে, যি হেতুকে কামাখ্যাত আৰ্য্য়গঢ়ত আৰু তাম্ৰেশ্বৰীত অনাৰ্যগঢ়ত শক্তি-পূজাই চলিছিল। চুতীয়া ৰাজ্যৰ পতনৰ পাছতো আহোমৰ আমোলত দেউৰীবিলাকে, কামাখ্যাত চলোৱ দৰেই দুৰ্ঘোৰ নৰ-বলি চলাই আছিল।

 কামাখ্যাৰ নৰবলি সম্পৰ্কত “আইন্ ই-আকবৰি” আদিত মুছলমান বুৰঞ্জী লেখকে লিখাৰ দৰেই তাম্ৰশ্বৰীৰ বলিবিলাকো “ভোগী” নামে অভিহিত হৈ ঘাইকৈ তিৰুতাৰ সম্পৰ্কত যি ব্যভিচাৰ কৰিব পাৰিছিল, তাৰ পৰা সমসাময়িক অসমীয়া সমাজৰ দুৰ্ঘোৰ বিশৃঙ্খল অৱস্থাৰ অনুমান কৰিব পাৰি। এই কালত আৰ্য্য় আৰু অনাৰ্য্য ধৰ্মৰ খিচিৰিৰ পাতন আৰু নৱ-গঠন কি দৰে সম্পন্ন হৈছিল, তাৰো প্ৰকৃষ্ট প্ৰমাণ এই কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ গ্ৰন্থ দুখনিয়েই দিয়ে।

 মদ্য, মাংস, স্ত্ৰী-সম্ভোগ আৰু নৰ-বলিৰ বিধান কালিকা পুৰাণত স্পষ্টভাৱে বৰ্ণাইছে (৭৪।২৫০-৫১, ৬৬।৯২)। যোগিনী তন্ত্ৰত যোড়শী গাভৰুৰ বিভিন্ন অঙ্গৰ ৰূপ-ধ্যানৰ বিধান (যষ্ঠপটল, বীৰযোগ, ৯) আৰু মঙ্গ-মাংস আৰু স্ত্ৰী-সম্ভোগৰ সমৰ্থন (৬।১৪) বিশদভাৱে দিয়া হৈছে। এই যোগিনী তন্ত্ৰতে, উপভোগৰ বাবে কেনে মদ্য আৰু