ইউৰুপীয় “ঋত” আৰু সংস্কৃত “সত্য” শব্দৰ সমতুল্য; কিন্তু একে নহয়; স্বৰূপতে এই তিনিওটা শব্দই একেটা কথাৰ তিনটি বিভাৱ বুজায়। “ঋত” শব্দ ব্যৱহাৰিক, ই শৃঙ্খলা বা বিধান বুজায়; “সত্য” শব্দ মানসিক, ই সৎ-অসতৰ বিচাৰ বুজায়; “ধম্ম” শব্দ নৈতিক, ই ন্যায় বা কৰ্ত্তব্যাকৰ্ত্তব্য বুজায়। গতিকে আকৌ আমি বুদ্ধদেৱৰ নৈতিক কাৰ্য্যৰ ওপৰত হেচা দিয়া কথাকে দেখিবলৈ পাওঁ।⸺
আচৰিতভাৱে শঙ্কৰদেৱৰ ধৰ্মতো এই নৈতিক কাৰ্য্যৰ ওপৰত হেচা দিয়া আমি প্ৰত্যেক খাপতে দেখা পাওঁ।
“অব্যক্ত ঈশ্বৰ হৰি, কিমতে পূজিবা তাঙ্ক
ব্যাপকত কিবা বিসৰ্জন।
এতাৱন্ত মূৰ্ত্তি-শূন্য কেনমতে চিন্তিবাঁহা,
ৰাম বুলি শুদ্ধ কৰা মন॥”—নামঘোষা
আত্মশুদ্ধিৰ এই প্ৰকৃষ্ট উপায় ৰাম-নাম নিশ্চয় নিষ্ক্ৰিয় যে নহয়, তাৰ নানান প্ৰমাণ আছে; তাৰ ভিতৰত স্বয়ং নাম-লওঁতাৰ সাতোটা মহলাই ঘাই প্ৰমাণ বুলিব পাৰি :
“প্ৰথমে দহিব পাতকচয়।
কৰিব মহা পুণ্য অভ্যুদয়॥
ওপজাইব বিষয়ত বিৰকতি
কৃষ্ণত বাঢ়িব প্ৰেম-ভকতি॥
ওপজাইব অতি বৈষ্ণৱ জ্ঞান।
মায়াক কৰিব দহি নিৰ্য্যান॥
চৈতন্যময় পূৰ্ণানন্দ হৰি।
থৈবন্ত তেন্তে-এৰে এক কৰি॥” কীৰ্ত্তন।
এই সাত মহল সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তিত নিৰ্ণয় কৰা হৈছে। “গালোঁ নাম গ’ল উৰি। তাৰ কি আছে আগ-গুৰি॥” তেনে উপলুঙা নামৰ আশঙ্কা পোনতে দূৰ কৰা হৈছে। প্ৰথম খাপতে, নাম লোৱাৰ প্ৰমাণ ৰূপে নাম-লওঁতাৰ পাপ সমূলে পুৰি ছাই হব লাগিব;