পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৫
শঙ্কৰদেৱ আৰু বুদ্ধদেৱৰ সমাজ-চিকিৎসা


 ইয়াতে কপটী, চোৰ, ডকাইত, প্ৰৱঞ্চক সকলোৰে মূলধৰ্ম এই ঈশ্বৰৰ জল্পনা; ইয়াৰে আঁৰ লৈ আটায়ে পাপৰ বেহা চলায়। বুদ্ধদেৱে অতি সাহস আৰু অতীব দূৰদৃষ্টিৰে অনীশ্বৰবাদৰ দ্বাৰা এই পাপৰ বেহা ভাঙি দিছিল। “ভগৱান, তেন্তে ঈশ্বৰ আছে?ক’তা, তোমালোকক মই কেতিয়া ঈশ্বৰ আছে বুলিলোঁ? ‘তেন্তে, ভগৱান, ঈশ্বৰ নাই? ‘ক’তা, কেতিয়া তোমালোকক ঈশ্বৰ নাই বুলি কলোঁ?—এয়ে শিষ্যসকলৰ প্ৰতি বুদ্ধদেৱৰ মনোভাৱ প্ৰকাশ; অৰ্থাৎ ঈশ্বৰ থকা-নথকাৰ চিন্তা এৰি আটায়ে সদায় সজ চিন্তা আৰু সজ কৰ্ম কৰা: এয়ে প্ৰথম কৰ্ত্তব্য।

 কুড় শিষ্য মালঙ্কপুত্তৰ কঠুৱা আচৰণতে ক্ৰুদ্ধ নহৈ বুদ্ধদেৱে শিষ্য- সকলক এক উপমা আৰু এক সাধুৰ সহায়েৰে মনীশ্বৰবাদৰ যি শিক্ষা দিলে সিও বিতোপন। শিষ্য সকল, কিংখাপ গছজোপাত থকা পাত সৰহ নে মই ছিঙি আনি হাতৰ মুঠিত লোৱা পাত সৰহ? ‘ভগৱান, গছজোপাত থকা পাত সৰহ। ঠিক তেনেকৈয়ে, মই জনা কথাও সৰহ; কিন্তু গছৰ পৰা ছিঙি অনা পাতৰ দৰে তোমালোকে সম্প্ৰতি জানিব লগা কথাহে মই তোমালোকক কৈছে। এক ৰাজপুত্ৰ মৃগয়া কৰিবলৈ যাওঁতে কৰবাৰ পৰা আহি এডাল কাঁড় তেওঁৰ বুকুত সোমাল আৰু তাৰ পৰা হো-হোক্‌কৈ তেজ ওলাবলৈ ধৰিলে। লগৰীয়াবোৰে মাতি অনা বেজজনে পোনতে সেই কাঁড় উলিয়াই লৈ তেজ বন্ধ কৰিব খোজাত ৰাজপুত্ৰই বাধা দি আগতে সেই কাঁড় মাৰোঁতাজনৰ সম্ভেদ লবলৈহে কলে, আৰু তাকে কৰে মানে তেজ গৈ ৰাজপুত্ৰৰ মৃত্যু হল। এই সাধু কৈয়েই বুদ্ধদেৱে স্পষ্ট কলে, প্ৰতি মানৱৰ অন্তৰতো সেইদৰে একো ডাল অনন্ত দুখৰ কাঁড়; আৰু সেই কাঁড়ডাল উলিওৱা বেজ মই। জন্মত দুখ, জীয়াই একাত দুখ, মৃত্যুত দুখ : গতিকে সৱ-আগতে মোক সেই কাঁড়ডাল উলিয়াই লবলৈ দিয়াহঁক।

 বৌদ্ধ ধৰ্মৰ ত্ৰিৰত্নৰ অন্যতম ধন্ম” কথাটো কি?ই ইণ্ড