বামুণ, পানীত নামা পাপৰ ভয়ত?
নকৰিবাঁ পাপ, দুখ নিদিবা দেহত॥” ১০।
“কুপথৰ পৰা মোক সৎ পথলই
অনাৰ গামচা বেচ লোৱাঁ, আই অই।” ১১।
“নালাগে গামচা; যদি ভয় দুখলই,
নাচৰিবাঁ পাপ, দেখি নতু চুৰকই। ১২।
“যদি পাপ নেৰাঁ তেন্তে নিশ্চয় জানিবাঁ,
সাধ্য কি উপায়ে হাত দুখৰ সাৰিবাঁ।
অপ্ৰিয় যদি হে দুখ, দহ-নীতি পালি
বুদ্ধ-ধম্ম-সঙ্ঘ নামে শৰণ পশাঁহি॥” ১৩।
নৈষ্ঠিক ব্ৰাহ্মণ্য ধৰ্মৰ ঋণাত্মক ৰীতি বৰ্জন কৰি বৌদ্ধ ধৰ্মই প্ৰবৰ্তন কৰিছিল যোগাত্মক পদ্ধতি—“পাপাকৰণম্ পুণ্যশ্চকৰণম্।” ‘পাপো নকৰিবাঁ, আৰু পুণ্য-সাধনো আচৰিবাঁ। ই দেখাদেখিকৈয়ে ব্ৰাহ্মণ্য ধৰ্মৰ পোনতে পাপ-আচৰণ কৰি তাৰ পাছত স্নান বা প্ৰায়শ্চিত্ত-মন্ত্ৰৰ দ্বাৰা সংশোধিত হ’লোঁ বুলি ভবা নীতি-বিপৰ্য্যয়ৰ প্ৰত্যক্ষ প্ৰতিক্ৰিয়া।
“পাপোহহং পাপকৰ্মাহং পাপাত্মা পাপসম্ভৱঃ।
ত্ৰাহি মাং পুণ্ডৰিকাক্ষ সৰ্বপাপঃ হৰো ভবেৎ॥”
এনে মন্ত্ৰৰ দ্বাৰাই পাপৰ বিনাশ হয় বুলি ভুৱা দিয়াৰ বিৰুদ্ধে বৌদ্ধধৰ্ম ঠিয় হৈ সমাজ-সংস্কাৰত প্ৰবৃত্ত হৈছিল।
“সৰ্বম্ অনিত্যম্” মত ব্ৰাহ্মণ্য আৰু বৌদ্ধ উভয় ধৰ্মই স্বীকাৰ কৰে; কিন্তু বৌদ্ধধৰ্মই তাৰ লগতে কয়, ‘সৰ্বমনাত্মম’। এই “অনাত্মম্” মতৰ বাবেই দুই ধৰ্মৰ প্ৰধান বিৰোধ। বৌদ্ধ মতে আত্মা কোনো “তৈয়াৰী” (পেটেন্ট) বস্তু নহয়; ই মুহূৰ্তে মুহূৰ্তে আমাৰ সজ- অসজ কৰ্মৰ দ্বাৰা গঢ় সলাব লাগিছে। কেৱল “নিৰ্বাণ” ৰূপত ই স্থিৰ হয়—নিৰ্বাণম্ সত্য। মানুহৰ জীৱদ্দশাতে যে এই মুক্তিলাভ কৰে;