পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
যুগনায়ক শঙ্কৰদেৱ

সমিধ-পাণিবিলাকক অনেক কাল ব্ৰহ্মচৰ্য্য আদি নিয়ম-সংযম কঠোৰভাৱে পালন কৰাব লাগে। কথিত আছে, বিদ্যা-শিক্ষাৰ বাবে দেৱতা, মানৱ, দানৱ, তিনিও মিলি প্ৰজাপতিৰ কাষলৈ গল; বহুত দিন এনে নিয়ম-সংযম পালন কৰি থকাৰ পাছত ঋষিয়ে তিনিওৰো আগত উপদেশ ৰূপ এটা আখৰ মাথোন উচ্চাৰণ কৰিলে—“দ”। তাৰ পৰা কোনে কি শিক্ষা পালে বুলি সোধাত দেৱতাই কলে; “দ, অৰ্থাৎ “দাস্যত”, দমন কৰাঁ; এই উপদেশ।” মানৱে কলে, “দ’, অৰ্থাৎ “দত্ত”, দান কৰা; এই উপদেশ।” দানৱে কলে, “দ, অৰ্থাৎ “দয়ধ্বম্”, দয়া কৰাঁহঁক; এই উপদেশ।” প্ৰজাপতিয়ে কলে, ‘ঠিকেই বুজিছাঁহঁক। ইয়াৰ তাৎপৰ্য্য অনেক দিন নিয়ম-সংযমত থাকি আত্ম- শুদ্ধি হবলৈ ধৰাৰ লগে লগে প্ৰত্যেকে নিজ নিজ যি গুণৰ অভাৱ তাৰ গম পালে আৰু তাক উপাৰ্জন কৰাই ঋষিৰ উপদেশ বুলি বুজিলে।

 ঋষি প্ৰজাপতিৰ সম্পৰ্কে এনে আৰু এটা কাহিনী। আত্মাৰ ভোক নাই, শোক নাই, পিয়াহ নাই, কামনা নাই; জৰা নাই, মৃত্যু নাই; আত্মাক জানিলে সৰ্বকামনা-সিদ্ধি হয়; এনে নানা কথা শুনি, ব্ৰহ্ম-লাভৰ আনন্দৰ বাবে নহয়, দেৱতা-দানৱ দুই পক্ষই নিজ ক্ষুদ্ৰ স্বাৰ্থ-সিদ্ধিৰ বাবে, যথাক্ৰমে ইন্দ্ৰ আৰু বিৰোচনক তেওঁলোকৰ প্ৰতিনিধিৰূপে ব্ৰহ্মবিদ্যা লভি আহিবলৈ প্ৰজাপতি ঋষিৰ কাষলৈ পঠালে৷ ৩২ বছৰ তেওঁৰ আশ্ৰমত থাকি ব্ৰহ্মচৰ্য্য আৰু সকলো নিয়ম-সংযম পালন কৰাৰ পাছত, প্ৰজাপতিয়ে দুইকো মাতি নি একেলগে উপদেশ কৰিলে: ‘চকুত যি পুৰুষ আছে, তেৱেঁই আত্মা। দুয়ো অলপ ভাবি চাই ঋষিক সুধিলে, “ভগৱান, দাপোণত বা পানীত যি ছাঁ দেখা পোৱা হয়, সেয়ে আত্মা নে? ঋষিয়ে বুলিলে, ’হয়। বাৰু, তোমালোক নিজে পানীত সেই আত্মাক চাই আহাঁ।’ ঘূৰি দুয়ো কলেহি, ’ভগৱান, আমি আত্মাক যে দেখিলোঁৱেই, তেওঁৰ ডাঢ়ি-চুলি-নখ সকলে দেখা পালোঁ। ঋষিয়ে বুলিলে, ‘ভাল কথা।