বিশেষ মন কৰিবলগা কথা, এনে দুৰ্ঘোৰ তান্ত্ৰিক গ্ৰন্থতো বিষ্ণু
উপাসনাৰ উল্লেখ যথেষ্ট পোৱা হয়। যোগিনী তন্ত্ৰত “বৈষ্ণৱ তুলসী-
মালা” (২৪৪), “ন নক্তম্ বৈষ্ণৱে” (২৬), “বিষ্ণুচক্ৰং যথাব্যৰ্থম্”
(৩৩২), “হৰি-প্ৰিয়া”, “বিষ্ণু-বনিতা” (৫২৯), “গৰুড়হু মহাবিষ্ণুঃ”
(৯।৪১-৫১), “বৈষ্ণৱে দত্ত” (১০।১৩, ৩৭)। কিন্তু একাদশ পটলত
“কোটিলিঙ্গ সমাকীৰ্ণ কামাখ্যা কল্পবল্লাৰি” (১১।৩৬), আৰু
কামৰূপৰ লোকসকল “তত্ৰ যে মানৱাঃ সন্তি তে দেৱানৰ ন সংশয়।”
দ্বাদশ পটলত বিষ্ণুৰ দ্বাৰা নৰকৰ ৰাজসিংহাসনত প্ৰতিষ্ঠিত হোৱাৰ
কথা কৈছে, কিন্তু সেই বিষ্ণুও স্বয়ং কামাখ্যাৰ দ্বাৰা প্ৰতিষ্ঠিত বুলি
বৰাই কৰা হৈছে।
কালিকা পুৰাণৰে আৰম্ভতে সেইদৰে “হৰি-পদ-সৰোজ-যুগঃ” বুলি “শঙ্খ-চক্ৰ গদা-পদ্মপাণি কায়া সবৈষ্ণৱ” (১২।৩১), “হিৰণ্যকশিপু জন্মে নৰসিংহ স্বৰূপিণ” (১৩।২৬), বুলি ত্ৰিংশ অধ্যায় (২-৮)ৰ শ্লোকত বৰাহ অৱতাৰক নাৰায়ণ, গোবিন্দ, বাসুদেৱ আৰু সৃষ্টিৰ হেতু বোলা হৈছে। কালিকা পুৰাণৰ ৩৬ অধ্যায়ৰ ১৫-২২ শ্লোক ভাগৱতৰ প্ৰভাৱপূৰ্ণ, তাৰ ৮৮ অধ্যায়টো বিষ্ণু-যজ্ঞৰ বৰ্ণনা মাত্ৰ, আৰু সামৰণিৰ (৭০-৭১) শ্লোকত তাৰ মূল দিছে। তথাপি মূলতঃ তান্ত্ৰিক গ্ৰন্থহে।
ভৌম বংশৰ শাসনবোৰৰ উপৰি, ৰজা বৈদ্যদেৱৰ (১১৩১-৫০ খৃঃ) কমৌলি লিপি আৰু ৰজা লক্ষ্মীনাৰায়ণৰ সধৱাপুৰী লিপি (জৰ্ণেল অসম ৰিছাৰ্চ ছছাইটি, ৩।২) দ্বাদশ আৰু পঞ্চদশ শতিকাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বিষ্ণু-সেৱক পণ্ডিতক মাটি দান কৰা কথা পোৱা হয়।
⸻