কৰতোয়াং সমাশ্ৰিত্য যাবাদ্দিকৰবাসিনীম্।
উত্তৰস্যাং কুঞ্জগিৰিঃ কৰতোয়াত্তু পশ্চিমে॥ ১৭।
তীৰ্থশ্ৰেষ্ঠদিক্ষুনদীং পূৰ্বস্যাং গিৰিকন্যকে।
দক্ষিণে ব্ৰহ্মপুত্ৰস্য লাক্ষাঃ সঙ্গমাৱধি।
কামৰূপ ইতি খ্যাতঃ সৰ্বশাস্ত্ৰেষু নিশ্চিতঃ॥ ১৮।
আইন-ই-আকবৰিৰ উপৰিও হাফ্ট্ ইক্লিম আদি মুছলমান বুৰঞ্জী- লেখকৰ টোকাৰ পৰা “আই” বোলা গুহাবাসিনী এগৰাকী গোসানীৰ বাবে উপযাচি বলি হোৱা “ভোগী” নামৰ এজাতি লোকৰ কথা গেইটে উল্লেখ কৰিছে। বছৰেকীয়া পালত তেওঁলোকে গোসানীৰ বলিশালত নিজক উছৰ্গা কৰাৰ আগতে যেনে ইচ্ছা তেনেদৰে চলিব পাৰিছিল, আৰু যেই সেই তিৰুতাই তেওঁলোকৰ সম্ভোগৰ বাবে সাজু হবলৈ বাধ্য আছিল বুলিছে। অনেক সময়ত এই নৰ-পিশাচহঁতে গৰ্ভৱতী তিৰুতাৰ পেট ছিৰি ভ্ৰূণ পৰীক্ষা কৰিছিল।
কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত বৰ্ণোৱা এই তান্ত্ৰিক পূজা- পদ্ধতি বৌদ্ধ-হিন্দু, আৰ্য্য-অনাৰ্য ধৰ্মৰ যে খিচিৰি তাক “দৰং ৰাজ- বংশাৱল”ৰ পদৰ পৰাও বুজিব পাৰিঃ
“শপত খুৱাই ৰাজা বুলিলা বচন।
নিয়ে সমস্ত মোৰ বাক্য নিবন্ধন॥
গোহাঁই কমল আলি মধ্য সীমা কৰি।
উত্তৰৰ ফালে আছে যতেক কছাৰী॥ ৩৩৬।
সেহি ফালে দেৱালয় আছে যত যত।
কোচে মেচে পূজিবেক মোহোৰ বাক্যত॥
দক্ষিণৰ ফালে পূজা ব্ৰাহ্মণে কৰিব।
এহি নিৱন্ধনে সৱে ধৰ্মে প্ৰৱৰ্তিব॥ ৩৩৭।
ইয়াৰ পৰা আৰু বুজিব পাৰি যে শঙ্কৰদেৱৰ ধৰ্ম-প্ৰচাৰ কালতো দেখুৱাই বা লুকাই এনে অধৰ্ম অপধৰ্ম চলি আহিল।