(জৰ্ণেল অব, অসম ৰিছাৰ্চ ছছাইটি, ৮ম খণ্ড, ৬৬ পিঠি) কথা এৰিও ভৈয়ামৰ চুতিয়া আদি জাতিৰ মাজত চলা কেচাইঘাতী গোসানীৰ আগৰ নৰ-বলি ইয়াৰ সম্পৰ্কিত নিশ্চয়। আইন্-ই-আকবৰি আদি মুছলমানী গ্ৰন্থতো প্ৰাক্-শঙ্কৰী অসমীয়া সমাজৰ এনে ব্যভিচাৰৰ উল্লেখ আছে।
কালিকা-পুৰাণৰ অলপ পৰবৰ্তী সংস্কৃত গ্ৰন্থ যোগিনী তন্ত্ৰতো সেই সময়ৰ সামাজিক ব্যভিচাৰৰ যথেষ্ট আভাস পোৱা হয়। এই গ্ৰন্থৰ প্ৰথম পটলৰ তৃতীয় শ্লোকতে শিৱ-পাৰ্বতীৰ কথোপকথনত বাৰাণসী আৰু নেপালৰ লগত কামৰূপৰ উল্লেখ কৰা হৈছে। “বীৰ যোগ” নামৰ ষষ্ঠ পটলত যোড়শী-ধ্যানৰ নিয়ম কৈছে,
“বিন্দুত্ৰয়ং কলাক্ৰান্তং প্ৰথমং পৰিচিন্তয়েৎ।
তত্তস্মাদ্ভৱযেজ্জতং স্ত্ৰীৰূপং ষোড়শাব্দিকাম্॥ ৮।
বালাৰ্ক-কোটিজ্যোতি প্ৰকাশিত-দিগন্তৰম্।
মূৰ্দ্ধাদি স্তনপৰ্য্যন্তানুৰ্দ্ধবিন্দোঃ সমুদ্ভভম্। ৯।
বিন্দুযৱান্নাধ্যদেহং কণ্ঠাদিকাটি শীৰ্ষকাম্।
স্তনদ্বয়েন ভাষান্তান্ ত্ৰিৱলীপৰিমণ্ডিতম্॥ ১০।
যে ন্যাদিকাঞ্চ পদৌতং কামস্তাৎ পৰিচিন্তয়েৎ॥১১।
মদ্যং মাংসং তথা মৎস্যং মুদ্ৰা মৈথুনমেবচ।
ইদমাচৰণং দেৱী পশোৰ্ন দিব্য বীৰয়োঃ॥ ১৪।
আৰু এনেজন “ব্ৰহ্মা বিষ্ণুশিৱাদিনাং সুপ্ৰিয়ঃ সাধাকোত্তমঃ।” (২৮৬) ইমানেই নহয়, তেনে অন্য নিৰ্ণয়ো আছে-
“মাতৃযোনিং পৰিত্যজ্য মৈথুনং সৰ্বযোনিষু॥ ৪৪।৬।
দ্বাদশাব্দাধিকা যোনিৰ্যাবৎ ষষ্ঠী প্ৰজায়তে।
তাবত্তু মৈথুনং তস্মাৎ স্বয়ম্ভৱ•••॥” ৪৫।৬।
যোগিনীতন্ত্ৰতো কামৰূপ ধৰ্মমণ্ডলৰ সীমাও দিয়া আছে-
কামৰূপে মহাপূজা সৰ্বসিদ্ধি ফলপ্ৰদা।
নেপালস্য কাঞ্চনাদি ব্ৰহ্মপুত্ৰস্য সঙ্গমম্॥ ১৬।