তামৰ ফলিত বিষ্ণু-বন্দনালৈ পৰিবৰ্তিত হোৱা কথাও কোনো মতেই আকস্মিক নহয়। ভাস্কৰ শাসনৰে উদ্ধৃত তৃতীয় শ্লোকৰ উপৰি উনবিংশতম শ্লোকত “যাং মুদা হৰিৰ্বহতি” আদি উপমা উল্লেখযোগ্য। তদুপৰি নৱম শতিকাৰ বনমাল বৰ্মনৰ শাসনৰ এয়োদশ শ্লোকত “গোপীজনান্দিত মানসস্য দ্বেষ্যেৰ বক্ষঃ পৰিহৃত্য বিষ্ণোঃ” প্ৰভৃতি বাক্যত বৈষ্ণৱ ধৰ্মৰ উমি উমি তাপ অনুভৱ কৰিব পাৰি। ৰত্নপালৰ একাদশ শতিকাৰ আগছোৱাৰ বৰগাঁও আৰু শুৱালকুচি শাসনতো ঠিক এনেদৰেই বিষ্ণুৰ সামান্য উল্লেখ কৰি, সেই শতিকাৰে মাজ ভাগৰ ইন্দ্ৰপালৰ প্ৰথম আৰু দ্বিতীয় তামৰ ফলিত প্ৰথম শ্লোকত শিৱ-প্ৰশস্তি দি উভয়ৰ দ্বিতীয় শ্লোকত--“জয়তি পশুপতিঃ প্ৰজাধিনাথোমহিতবপুৰ্ম্মহিমা মহাবৰাহঃ” বুলি বিষ্ণুৰ বন্দনা কৰিছে।
তদুপৰি এই দুই শাসনৰ চতুৰ্থ আৰু পঞ্চম শ্লোকত--“বল্পভখুৰ- ক্ষুভিতসীমভূজঙ্গসদ্মাকল্পা বসান দিনভিন্ন সমুদ্ৰমুদাম্। পাতাল পঙ্ক পটলোদসন্নিলীলাং ক্ৰীড়াকৃতিৰ্ব্বসু(ম) তীং হৰিৰুজ্জহাৰ॥” আদি কথাৰে বিষ্ণু আৰু পৃথিবীৰ গুণ-গৰিমা বৰ্ণোৱা আছে। তদুপৰি এই দ্বিতীয় শাসনৰ গ্ৰহিতাৰ বৰ্ণনাৰ আগতে উদ্ধৃত কৰাৰ উপৰি আছে “দেৱক্যামিব তস্যাং তেনাজনি দেৱদেৱ ইতি সুনুঃ। হৰিৰিব গোপহিতৈষী যশোদয়া স্বীকৃতঃ শ্ৰীমান্।” (২৪।৪৫-৪৭)।
আগতে কোৱা হৈছে এই দ্বিতীয় শাসনৰ শেষৰ মুকলি ঠাইত এই ফলিত আখৰ-কাটোঁতা আদিৰ “শনি ঢনি অনি পুষ্টা সিৰি অষ্টহেন্ত” বুলি দি লগতে সাপৰ ওপৰত উঠি থকা গৰুড়, পদ্ম, শঙ্খ আৰু চক্ৰৰ চিত্ৰ অঙ্কিত কৰা আছে। ইয়াৰ পৰাও বুজিব পাৰি ৰাজধৰ্ম্ম তেতিয়ালৈকে শৈৱ হৈ থাকিলেও জনগণমন বৈষ্ণৱ ধৰ্মৰ ফালে ঢাল লোৱা আছিল। ধৰ্মপালৰ প্ৰথম দুই শাসনত "বন্দে তমৰ্দ্ধযুৱতীশ্বৰমাদিদেৱ” বুলি আৰম্ভ কৰিলেও, তৃতীয় শাসনত পোনে পোনে "ক্ৰোড়ৰূপ"ক বন্দনা কৰাৰ কথা আগতে কোৱা হৈছে। ধৰ্মপালৰ ৰাজত্ব স্বাভাৱিক ধৰণে শেষ নোহোৱা বাবে এওঁক