বৌদ্ধ ধৰ্মৰ প্ৰতি বিশেষ শ্ৰদ্ধা থকা কথা উদ্ধৃত শ্লোকৰ উপৰি, ব্ৰাহ্মণ আৰু শ্ৰমণবোৰক সমানে আদৰ কৰা বুলি লিখা কথাই প্ৰমাণ কৰে।
ইয়াৰ দুই-তিনি শতিকাৰ পাছত শঙ্কৰাচাৰ্য্যই বৌদ্ধ মত খণ্ডন কৰাৰ ফল স্বৰূপে ভাৰতবৰ্ষৰ মূল বৌদ্ধ ধৰ্মকেন্দ্ৰবোৰ ভাগি-ছিগি যোৱাত বৌদ্ধসকলে নানা ঠাইত গোপন আশ্ৰয় লয়। একেখন দাপোণ ভাগি ডোখৰ ডোখৰ হলে তাত অনেক মুখ প্ৰতিবিম্বিত হোৱাৰ দৰে মূল বৌদ্ধ ধৰ্মৰ পৰাই মহাযান, হীনযান, বজ্ৰযান, বৌদ্ধ-তান্ত্ৰিক আদি বিভিন্ন সম্প্ৰদায়ৰ সৃষ্টি হল; আৰু ইয়াৰ ভিতৰৰে বজ্ৰযান মত আদিৰ অনেক বৌদ্ধ সিদ্ধৰ জন্ম অসমতে বুলি তিব্বতীয় পণ্ডিত লামা তাৰানাথ আৰু ইটালীয় প্ৰাচ্যাৰ্ণৱ টুচী প্ৰভৃতি পণ্ডিতে দেখুৱায়, সেই অসমীয়া বৌদ্ধ সিদ্ধসকলৰ ভিতৰত মীন পা, লুই পা, সৰহ পা, নাগাৰ্জুন প্ৰভৃতি প্ৰধান।
বঙ্গ দেশৰ দৰে অসমতো এই বৌদ্ধ সম্প্ৰদায়বোৰৰ নানা লোকে নানা বেশ ধৰি বৈষ্ণৱ সম্প্ৰদায়ৰ মাজত ব্যভিচাৰ ঘটোৱাৰ ইঙ্গিত চৰিত-পুথিৰোৰত আছে; তদুপৰি স্বয়ং শঙ্কৰদেৱ মাধৱদেৱৰ লিখাতো বৌদ্ধবোৰৰ নিন্দা-সূচনাই এই পৰবৰ্তী বৌদ্ধ-ব্যভিচাৰীবোৰৰ কথাকে বুজায়—
“সবাকো মাৰিবা বৌদ্ধগণ যত আছে।” শঙ্কৰদেৱ
“হৰি-নাম ধ্বজ কৰি, বেদপন্থ পৰিহৰি
ফুৰে অতি পাষণ্ড আচাৰ।”—মাধৱদেৱ
অন্য যোনি কিছু নকৰে বিচাৰ
জাতি কুল ভৈল ভ্ৰষ্ট।
বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়
বেদ পথ কৰি নষ্ট। ২৯৫।
ইয়াতে অন্তত পঞ্চম-ষষ্ঠ শতিকাৰ পৰা দ্বাদশ শতিকাৰ মাজলৈকে তাম্ৰশাসনবোৰত চলি অহা শিৱ-বন্দনাৰ ঠাই ধৰ্মপালৰ তৃতীয়