পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২২
যুগনায়ক শঙ্কৰদেৱ

ৰাজত্বৰ প্ৰথম দুখন তামৰ ফলিত এনে গতানুগতিকভাৱে শিৱৰ প্ৰশস্তি আছে; কেৱল তেওঁৰ ৰাজত্বৰ শেষৰ তামৰ ফলিখনত ৰজাই নিজে শিৱৰ বন্দনা বাদ দি পােনে পােনে বিষ্ণুৰ বন্দনা আৰম্ভ কৰিছে। গতিকে অনেক পুৰুষানুক্রমে শিৱই যে নৰবংশী ৰজাসকলৰ উপাস্য আছিল সন্দেহ নাই।

 বাণভট্টৰ “হর্ষচৰিতে” এই কথা দুনাই সমর্থন কৰে। ভাস্কৰৰ দূত হংসবেগ গৈ হর্ষবৰ্দ্ধনৰ আগত তেওঁৰ মিত্ৰতা প্ৰস্তাৱ কৰোতেও ভাস্কৰৰ মুখৰ এই কথাখিনি কৈছিল—“অয়মস্য চ শৈশবাদাৰভ্য সংকল্পঃ স্থেয়ান স্থানুপাদাৰবিন্দদ্বয়াদৃতে নাহমন্যম্ নমস্কুৰ্য্যামিতি।” ভাস্কৰবৰ্মাৰ শাসনৰ দৰেই ধর্মপালৰ দ্বিতীয় শাসনলৈকে সদৌ ফলিত শিৱৰ বন্দনা থকাৰ বিপৰীতে ধর্মপালৰ তৃতীয় শাসন আৰম্ভ হল- “শ্ৰীমান্ ক্রোড়ৰূপো জয়তি।” আৰু এই প্রশস্তি ৰজাই নিজে ৰচনা কৰা। যেনেকৈয়ে হওক, এই পৰিবর্তন “হঠাৎ” বুলিবৰ কোনাে অৱকাশ নাই। ভাস্কৰবৰ্মাৰ ফলিতে তৃতীয় শ্লোক আছে, “জয়তি জয়দেক বন্ধুর্লোক দ্বিতিয়স্য সম্পদো হেতু(ঃ) পৰহিত মূৰ্ত্তিৰদৃষ্ট ফলমনুমেয়স্থিত ধর্ম(ঃ)।” আৰু চতুর্থ শ্লোকত আছে—“ধাত্ৰীমুচ্চি- ক্ষিপ্সো ৰম্বুনিধে(ঃ) কপটকোলৰূপস্য চক্ৰভূত(ঃ)” ইত্যাদি।

 এনেবোৰ উল্লেখৰ পৰা অতীতৰ শৈৱ ধৰ্মৰ উপৰি বৰ্তমানৰ বৌদ্ধ ধৰ্ম আৰু অদূৰ ভবিষ্যতৰ বৈষ্ণৱ ধৰ্মৰ ভাল সহাৰি আমি পাওঁহঁক। এই ভাস্কৰবৰ্মাৰ অতিথি স্বৰূপে মাসেকৰ ওপৰ কাল কামৰূপত থাকি য়ুয়াং চোৱাঙে লিখিছিল: তেওঁলােকৰ (কামৰূপৰ প্ৰজাৰ) দেৱত আসক্তি আৰু উপাসনা আছে, আৰু বুদ্ধত বিশ্বাস নাই। এইদেখি পৃথিবীত বুদ্ধৰ (আবিৰ্ভাৱৰ) কালৰ পৰা এতিয়ালৈকে ইয়াত সংঘ এটাও সজা হােৱা নাই … পৱিত্ৰ (বৌদ্ধ) ধর্মৰ যিসকল লােক আছে তেওঁলােকে গােপনীয়ভাৱে উপাসনা কৰে, সিমানেই।” ইয়াৰ পৰা বহুতে এনে ভুল ধাৰণা কৰে যেন অসমত তেতিয়া বা তাৰ পাছতো বৌদ্ধ ধর্ম অনুপ্রবেশ নহৈছিল। ভাস্কৰবৰ্মাৰ নিজৰে