পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
কৰ্ম্মকাণ্ডৰ বিৰুদ্ধে জ্ঞানকাণ্ড

জানিব পৰা শক্তিলাভ কৰোঁগৈ।’ সেই সময়ত অশ্বপতিয়ে এক বিপুল যজ্ঞৰ আয়োজন কৰিছিল; পাঁচজন ব্ৰাহ্মণকুমাৰে সৈতে উদ্দালক ঋষিক দেখি আনন্দিত হৈ কলে, ‘মোৰ পৰম সৌভাগ্যৰ গুণে আপোনাসকল অহাত মই কৃতাৰ্থ হলোঁ; আপোনালোক থাওক, মোৰ এই যজ্ঞত আন হোতাসকলক যিমান ধন-ৰত্ন দান কৰিম, আপোনাসকলকো প্ৰত্যেককে মই তেনেভাৱেই দান কৰিম।’ তেতিয়া উদ্দালক প্ৰমুখ্যে অতিথিসকলে জনালে বোলে ধন-ৰত্ন বিচাৰি তেওঁলোক অহা নাছিল, কিন্তু ধন-ৰত্নতকৈও সহস্ৰগুণে মূল্যবান ব্ৰহ্মবিদ্যা-ৰত্ন বিচাৰি আমি আপোনাৰ কাষলৈ সমিধ-পাণি ৰূপেহে আহিছোঁ।’

 অশ্বপতিয়ে কলে, ‘মই অধিক সন্তুষ্ট হৈছোঁ আৰু আপোনাসকল যে সেই পৰাবিদ্যা লাভৰ উপযুক্ত পাত্ৰ তাকো বুজিছোঁ। বাৰু, এতিয়ালৈকে আপোনালোকৰ কোনে কিভাৱে সেই উপনিষদ পুৰুষৰ উপাসনা কৰি আহিছে, কওকচোন! তেতিয়া তেওঁলোকৰ এজনে জলত, এজনে বায়ুত, এজনে সূৰ্য্যত, এজনে আকাশত, এজনে অগ্নিত, আৰু শেষত উদ্দালকে সমগ্ৰ পৃথিবীৰ অন্তৰাত্মাক উপাসনা কৰা বুলি জনালে। তেতিয়া অশ্বপতিয়ে তেওঁলোকক মৰমেৰে বুলিলে, ‘আপোনালোকৰ কাৰো উপাসনা ভুল হৈছে বুলি মই নকওঁ। পাছে, চাওক; আমি দেখা আৰু আমাক বেৰি থকা এই বায়ু, আকাশ, পৃথিবী, সাগৰ, সূৰ্য্য, অগ্নি একোৱেই ব্ৰহ্ম নহয় : কিন্তু তেওঁ এই সকলোৰে ভিতৰত বিৰাজ কৰিছে, আৰু এই বিপুল বিশ্ব সেই বিশ্বদেৱতাৰ প্ৰমাণ মাত্ৰ।’ তাৰ পাছত অনেক দিন তেওঁৰ লগত ৰাখি ৰজা অশ্বপতিয়ে উদ্দালক ঋষি আৰু ঋষিকুমাৰ পাঁচজনক ব্ৰহ্মবিদ্যা অধীত কৰাই বিদায় দিলে।

 আত্মজ্ঞান বা ব্ৰহ্মবিদ্যা লাভ সহজ-সাধ্য নহয় নিশ্চয়; তাৰ প্ৰথম খাপ হল আত্ম-শুদ্ধি, ই নহয় মানে আত্মজ্ঞান-উপলব্ধি নহয়। এই বাবেই ব্ৰহ্মবিদ্যাৰ উপদেশ পাবৰ আগতে উপনিষদ-গুৰুসকলে