এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২০
যুগনায়ক শঙ্কৰদেৱ
কছাৰীৰ ৰমাই, কৈৱৰ্ত্তৰ পূৰ্ণানন্দ, বনিয়াৰ হৰিদাস, যবনৰ চান্দখাঁ প্ৰভৃতিক শঙ্কৰদেৱে ৰামৰাম, দামোদৰদেৱ, মহেন্দ্ৰ কন্দলী আদি নিজৰ শ্ৰেষ্ঠ ভকতৰ শাৰীলৈ তুলি লোৱা আদৰ্শ আজি পুনৰ অৱনত অসমীয়া সমাজত কেৱল কবৰ কথা হৈয়ে আছে; কাৰ্য্যত তাক অনুসৰণ কৰা উদাহৰণ ক’ত?
সচা কথা, শঙ্কৰদেৱে জাতি ভেদ গুচাওঁ বুলি গুচাই দিয়া নাছিল; কিন্তু উচ্চ-নীচ জাতি ভেদাভেদ ৰূপ যি হলাহলে সমাজক জৰ্জৰিত কৰিছিল, তাক যেতিয়া দূৰীভূত কৰিলে আৰু থাকিল কি?
“কৃষ্ণৰ কথাত যিটো ৰসিক।
ব্ৰাহ্মণ জন্ম তাৰ লাগে কিক॥”
“স্মৰোক মাত্ৰ হৰি দিনে ৰাতি।
নবাচে ভকতি জাতি-অজাতি॥”