পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৯
নামঘৰ আৰু সত্ৰ অনুষ্ঠানত শঙ্কৰী সংস্কৃতি

অনুষ্ঠান নথকাত তিৰুতাৰ শৰণৰ পৰা হানিৰ একো সম্ভাৱনা নাই বুলিব পাৰি।

 মহাপুৰুষীয়া অনুষ্ঠানত কেৱলীয়া অনুষ্ঠান শঙ্কৰদেৱৰ সমৰ্থিত নিশ্চয় নহয়; মাধৱদেৱৰো সমৰ্থিত নহয়, বৰঞ্চ মাধৱদেৱে যে তাৰ বাৰণহে কৰিছিল গুৰু-চৰিতত থকা ৰামচৰণ-প্ৰসঙ্গৰ পৰা স্পষ্টভাৱে জানিব পাৰি।

 শৰণৰ প্ৰণালীও সম্প্ৰতি নানা প্ৰবঞ্চনাপূৰ্ণ আৰু ভেজাল হৈ পৰিছে। শৰণ-শিক্ষা সমূহত হোৱা উচিত, কিন্তু সম্প্ৰতি ইয়াক বেপাৰৰ গোপনীয় নীতিত চলোৱাও দেখা পোৱা হয়; ই অন্যায়। আন বহুতে শৰণৰ গৰাকি শঙ্কৰদেৱক গুৰুৰূপে প্ৰকাশ নকৰি নিজক গুৰু বোলাবৰ অপচেষ্টা কৰে, ই পাপ।

 সত্ৰসমূহ ওপৰ-আদালত আৰু নামঘৰবোৰ তলতীয়া-আদালত ৰূপে সমাজ-শাসনৰ অতি কাজুৱা যন্ত্ৰ আছিল; কিন্তু সত্ৰবোৰৰ নৈতিকতা আৰু নৈষ্ঠিকতাৰ হীন-ডেঢ়ি হোৱাৰ লগে লগে নামঘৰ- বোৰতো বেমেজালি সোমাইছে। নতুন পঞ্চায়ত নীতিতকৈ এই অসমীয়া সত্ৰ-নামঘৰবোৰৰ প্ৰভাৱ সমাজৰ ওপৰত আজিও অধিক কাজুৱা হলহেতেন নিশ্চয়; কিয়নো পঞ্চায়তবোৰত অন্তত পোন- পটীয় ধৰ্ম-নাতি নাই, কিন্তু সত্ৰ-নামঘৰত সি সম্পূৰ্ণভাৱে আছে। যেনেকৈয়ে হওক, অসমীয়া সমাজৰ ওপৰত ধৰ্মৰ প্ৰভাৱ সম্পূৰ্ণ আছে বুলিয়ে সত্ৰ নামঘৰ এৰি লাগতিয়াল একো কৰিব নোৱাৰি।

 অস্পৃশ্যতা নিবাৰণ আজি প্ৰসঙ্গত মহাপুৰুষীয়া ধৰ্মই যি অসাধ্য সাধন কৰিছিল তাৰ প্ৰমাণ আজিও অসমীয়া সমাজত থকা সামাজিক উদাৰতা আৰু নৈতিক আৰু সাংস্কৃতিক উচ্চতা। অসমীয়া নামঘৰৰ চাৰি বেৰ সদায় মুকলি আছিল, আৰু নীতি-সদাচাৰৰ দ্বাৰা উচ্চ- নীচ সকলোৱেই সমাজত শ্ৰেষ্ঠ স্থান লভিব পাৰিছিল। গাৰোৰ গোবিন্দ, মিৰিৰ পৰমানন্দ, ভোটৰ দামোদৰ, নগাৰ নৰোত্তম,