পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৮
যুগনায়ক শঙ্কৰদেৱ

বোলা সত্ৰ-কেখনতে শঙ্কৰদেৱৰ কলা-কৃষ্টি অঙ্কীয়া নাট-ভাৱনা আদিৰ নাম-গোন্ধো নোহোৱা হল। বাৰ-বঙলুৱা নাটৰ অভিনয় কৰি তেওঁলোকে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা-ভঙ্গ কৰিবলৈ যোৱাৰ নিচিনা অপচেষ্টা চলাইছে।

 যিবিলাক সত্ৰত নিয়মিত নাম-প্ৰসঙ্গত গীত-মাতৰ চৰ্চা আছেও, সেইবোৰৰ ভিতৰত অনেকে আকৌ নিজৰ মৌলিকতা দেখুৱাবলৈ গৈ তাক কিম্ভুতকিমাকাৰ কৰি পেলায়। উজনি-নামনি জুৰি সদৌ সত্ৰ-অনুষ্ঠানত নাম-প্ৰসঙ্গ আৰু গীত-মাতৰ ঐক্য-সমন্বয়ৰ আৱশ্যকতা আজি সকলোৱে অনুভৱ কৰিছে, কামতহে সি এতিয়ালৈকে পৰিণত হৈ নুঠা দুখৰ কথা।

 সত্ৰ-পৰিচালনা বৰপেটা আদি সত্ৰত আধুনিক গণতান্ত্ৰিক ভেটিত হয়, আৰু ইয়াৰ সুবিধাও বহুতেই মানি লয়। তেন্তে সদৌ অসমৰ প্ৰধান সত্ৰবোৰত এই নীতি পালন কৰিলে আৰু সত্ৰবোৰে নিশ্চিত ভাৱে জাতীয়তা-গঠন আৰু সমাজকল্যাণৰ কাম হাতত ললে বৰ্ত্তমান সময়োপযোগী দায়িত্ব পালন কৰা হয়।

 আদিতে নীতিগতভাৱে বুদ্ধদেৱে তিৰুতাক শৰণ দিয়া নাছিল; পাছত বুদ্ধদেৱৰ নিজ মাহীমাক প্ৰমুখ্যে তিৰুতাসকলৰ একান্ত আগ্ৰহ আৰু তেওঁৰ প্ৰধান শিষ্য আনন্দৰ পৰামৰ্শ মতে তিৰুতাৰ শৰণ দিয়া হল যদিও তাৰ পৰাই কালক্ৰমত বৌদ্ধ ধৰ্মৰ পতনে শিপা মেলিলে; বুদ্ধদেৱে অৱশ্যে এনে অমঙ্গলৰ আশঙ্কা তেতিয়াই কৰিছিল।

 শঙ্কৰদেৱেও আদিতে তিৰুতাৰ শৰণ বাৰণ কৰিছিল। সঠিক কোন সময়ত কাৰ দ্বাৰা ইয়াৰ প্ৰথম প্ৰচলন হয় কোৱা টান; কিন্তু তাৰ পৰা যে মহাপুৰুষীয়া ধৰ্মৰ কল্যাণৰ বাহিৰে অকল্যাণ হোৱা নাই তাক সঠিক কব পাৰি। তিৰুতাৰ শৰণ বৌদ্ধ ধৰ্মৰ পতনৰ হেতু হল তিৰুতাসকল ভিক্ষুণী হোৱাৰ পৰা; মহাপুৰুষীয়া ধমত পুৰুষৰ এটা কেৱলীয়া অনুষ্ঠান আছে যদিও, তিৰুতাৰ তেনে কোনো