ঘাই সত্ৰবোৰত আড়ম্বৰৰ অনুপাতে শিক্ষাৰ দিহা নায়েই বুলিব পাৰি। সংস্কৃত-শিক্ষা বাদেই, অসমীয়া ধৰ্মশাস্ত্ৰ কীৰ্ত্তন-ঘোষা আদিৰো চৰ্চা নথকা হেতুকে আৰু আন হাতে গোসাঁই-ভকতবিলাক প্ৰায় নিজ নিজ ভিতৰুৱা ব্যৱসায়ত চলা বাবে নামতহে তেওঁলোকক গোসাঁই-ভকত বোলা হয়। শঙ্কৰদেৱৰ ধৰ্ম-প্ৰচাৰৰ উদ্দেশ্যৰ পৰা এই ব্যৱহাৰ নিতান্ত নিলগত; বিশেষকৈ ঘাই সত্ৰবোৰৰ চলিবৰ দিহা আগৰ পৰাই আছে যেতিয়া এনে পাইগুটীয়া ব্যৱসায় কোনো মতেই সমৰ্থন কৰিব নোৱাৰি। ইহাতে, সত্ৰবোৰৰ গুৰু-ভাৰ লবলৈ শাস্ত্ৰীয় জ্ঞান আৰু স্বভাৱ-চৰিত্ৰ আদি সকলো ফালৰ পৰা যোগ্যতাৰ বিচাৰ হোৱাৰ আৱশ্যক। ৰাজসিক আড়ম্বৰ আৰু ভোগ-বিলাসিতা দূৰ কৰি সত্ৰবোৰত সাত্ত্বিক ভাবৰ পুনৰ সংস্থাপনৰ দিহা হব লাগে।
ঘাই চাৰিসত্ৰত ভকত-গোসাঁই সকলো উদাসীন, কিন্তু উদাসীন জীৱন-যাপনৰ পৰিপোষক পৰিস্থিতি দেখিবলৈ পোৱা নহয়। সাতাম- পুৰুষীয়া শিষ্যসকলৰ কৰ-কাটল গোটাই আনি খোৱাৰ বাবে শঙ্কৰদেৱৰ আদৰ্শেৰে জাতীয় নালাগে মানৱীয় নীতিৰ ফালৰ পৰাও ধৰ্ম-প্ৰচাৰৰ চেষ্টাহে নালাগে তাৰ কথাও তেওঁলোকৰ কল্পানালৈ নাহে বুলি কাজে- কামে দেখিবলৈ পোৱা হয়। শঙ্কৰদেৱৰ আদৰ্শৰ অৱনতি ইয়াতকৈ আৰু কি হব পাৰে? আধ্যাত্মিক আদৰ্শ বৰ্জিত বুলি সত্ৰবোৰৰ শাস্ত্ৰ-চৰ্চা-হীনতাৰ পৰাই বুজিব পাৰি। নৈতিক আৰু মানসিক উৎকৰ্ষতে তেওঁলোকৰ শোচনীয় অৱনতি সেই আদৰ্শবৰ্জিত অৱস্থাৰ পৰাই ধৰিব পাৰি। মুঠতে সমাজে আজিও এই সত্ৰবোৰ যে পুহি আছে, তাৰ ন্যায় তেওঁলোকে দেখুৱাব পৰা নাই। মিশ্যনেৰী বা সেৱা প্ৰবৃত্তি তেওঁলোকে আজি খায় নে কান্ধত পিন্ধে তাক কব নোৱাৰে।
গুটীয়াকৈ দুই-এক সত্ৰই সাংস্কৃতিক ঐতিহ্য ৰাখিবৰ চেষ্টা কৰিলেও সাধাৰণভাৱে সত্ৰবোৰৰ সাংস্কৃতিক জীৱনো শূন্য হৈ পৰিছে। “যাৰ যহত শাঁখ সেন্দুৰ। তাক পাতিছে ভোকোৰা এন্দূৰ।’’ মূল