আদিৰ দৰেহে মাধৱদেৱক সেই সন্মান যচা হয়; মাধৱদেৱে নিজে
তাক অস্বীকাৰ আৰু নিন্দা কৰা কথাৰ পৰাই আমি তাৰ স্পষ্ট
প্ৰমাণ পাওঁক:
“শঙ্কৰেসে শুদ্ধ মত ঈশ্বৰ-ভক্তিৰ তত্ব
প্ৰচাৰিল শাস্ত্ৰ-সাৰ জানি।
ইহাক নাজানি নৰে জীৱিকাৰ অৰ্থে ফুৰে
আপোনাৰ মহত্ত্ব বাখানি। ৫৩।
শঙ্কৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি
প্ৰচাৰিলা কৃষ্ণৰ ভকতি।
তাঙ্ক এড়ি কি কাৰণে আনক বোলয় গুৰু
কিনো লোক মহা মূঢ় মতি। ৫৪।
নাজানে শাস্ত্ৰৰ লয় যেহি আসে তাকে ভয়,
ছেদিবাক নপাৰে সংশয়।
গুৰু বোলাই তথাপিতো ফুৰিয়া লোকৰ মাঝে
মান্য সৎকাৰ খুজি লয়।” ৫৫।
“পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেৰা .
অতি গুপ্ত স্বৰূপে আছিল।
দয়ালু শঙ্কৰে পাই তুলি মুদ ভাঙ্গি দিল,
সুখে পান কৰা সৰ্বজনে। ১০১।
হৰিনাম লুপ্ত ভৈল মনুষ্যত পূজা ৰৈল
বুলি ৰঙ্গ কৰে দেৱ সৰ্ব।
হেন হৰিনাম ধৰ্ম শঙ্কৰে বিদিত কৰি
চৰ কৈলা দেৱতাৰ গৰ্ব।” ১০২।
“নিৰ্গুণ কৃষ্ণৰ গুণক প্ৰকাশ
কৰিলা শ্ৰীশঙ্কৰে।
শ্ৰৱণ কীৰ্ত্তন কৰি মহা সুখে
পাপীও সংসাৰ তৰে। ৩৫৭।