পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১০
যুগনায়ক শঙ্কৰদেৱ


লীলাভূমি কোচবিহাৰ অশেষ ধৰ্মবীৰ-কৰ্মবীৰ প্ৰসবিনী আসাম- মাতৃৰ বুকুত নাই, অৰ্থাৎ অসম-মাতৃৰ বুকু ছিৰি কোচবিহাৰ, ৰংপুৰ আদি ঠাই আঁতৰাই নিয়া হৈছে, তথাপি এইসকলৰ ভিতৰত এনে লোক সতকাই নোলাব যি শ্ৰীশঙ্কৰ-মাধৱ বা দামোদৰ নাম ল'লে, কীৰ্ত্তন-ঘোষা আদি অতুল বৈষ্ণৱ সাহিত্যৰ নাম ক'লে, গৰ্ব্বত বুকু ফিন্দাই নুঠিব। আজি অসম-মাতৃৰ এনে দুৰ্ভগীয়া সন্তানো ওলোৱা আচৰিত নহব পাৰে যি তেওঁক ‘আই’ বুলিবলৈ লাজ পাব পাৰে; কিন্তু তেনেজনেও শ্ৰীশঙ্কৰদেৱৰ পৱিত্ৰ নামত গৌৰৱ কৰাৰ লোভ সামৰিব নোৱাৰে। তেনেহলে অদূৰ ভবিষ্যতত যদি অসমীয়া জাতি এই জকাই-চুকৰ পৰা ওলাই আকৌ আগৰ ঠাই অধিকাৰ কৰি নিজ মাতৃক নিৰুপমা অসম কৰাৰ আগন্তুক আছে, তেনেহলে শ্ৰীশঙ্কৰদেৱেই নিশ্চয় তাৰ কাৰণ। তেওঁৰ ধৰ্ম আৰু সাহিত্যৰ মাজেদিয়েই অসমীয়াই এদিন বুজি উঠিব—“তেজ ধুলে উটে, ধুলে নুটে।”

 পুনৰ, ইংৰাজ কবি ৱডৰ্ছৱৰ্থে উনৈশ শতিকাৰ ইংলণ্ডৰ অৱনত সমাজলৈ মন কৰি কৈছিল—“Milton! Thou shouldst be living at this hour, England hath need of thee." ইংলণ্ডৰ সমাজৰ লগত কবি মিল্টনৰ সম্বন্ধতকৈ অসমীয়া সমাজৰ লগত শ্ৰীশঙ্কৰদেৱৰ সম্বন্ধ সকলো পিনে অনেকগুণে ঘনিষ্ঠ আৰু মহৎ। আজিৰ অৱনত অসম শ্ৰীশঙ্কৰদেৱৰ মহৎ আদৰ্শেৰে অনুপ্ৰাণিত নহলে নহৈছে; সেই উদাৰ প্ৰাণ-সাগৰৰ এছাটি বতাহ, এটি ঢৌ, আহি অসমৰ ধৰ্ম-সমাজ আৰু সাহিত্যৰ প্ৰাণ-সঞ্চাৰ কৰি নগলে আমাৰ নিস্তাৰ দেখা নাই। এই মহাপুৰুষৰ কি তীক্ষ্ণ দূৰ দৰ্শিতা! পাঁচ শ বছৰৰ আগত এই মহাপুৰুষে অসমীয়া সমাজত যি উদাৰ সাম্য ভাবৰ বাণী বিলাই দিছিল, সেই বাণীকে বৰ্তমান যুগৰ মনস্বীসকলে ভাৰতত প্ৰচাৰ কৰিছে, ‘পৰাধীন জাতিৰ ৰাজনীতি নাই, আছে সমাজনীতি।’ আজিও আমাৰ একে তেজ