শ্ৰীযশ দান |
মান ভূত দায়া |
সৱগুণ সম্পন্ন ঠিক। |
শ্ৰীশঙ্কৰদেৱৰ যহতে সকলোৱে আধ্যাত্মিক স্বাধীনতা আৰু সমতা লাভ কৰিলে; ঈশ্বৰ-ভক্তিত ব্ৰাহ্মণ-চাণ্ডাল, জাতি-অজাতি, যৱন- ভোত, গাৰো-মিকিৰ সকলো সমান। সেইদেখি “চাণ্ডালে হৰিনাম লৱে মাত্ৰ। কৰিবে উচিত যজ্ঞৰ পাত্ৰ।” “কৃষ্ণৰ কথাত যিটো ৰসিক। ব্ৰাহ্মণ জন্ম তাৰ লাগে কিক॥”
শ্ৰীশঙ্কৰদেৱৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্মই এহাতে যেনেকৈ হিন্দু মুছলমান, ব্ৰাহ্মণ-শূদ্ৰ, জাতি-অজাতি আদি ওখ-চাপৰ ভাব গুচাই সমাজত প্ৰীতিসংস্থাপন কৰিছিল, আনহাতে তেনেকৈ পুৰণি বৃহৎ অসমক ভাষা আৰু ধৰ্মৰ এডাল ডোলেৰে কটকটীয়াকৈ বান্ধি থৈছিল। সত্ৰ অনুষ্ঠান স্বৰূপে উজনি, মাজ আৰু নামনিৰ ক্ৰমে কমলাবাৰী, বৰদোৱা আৰু মধুপুৰ সত্ৰকে মুখ্য কৰি শদিয়াৰ পৰা কোচবিহাৰলৈকে যি বৃহৎ ধৰ্ম-তৰুৰ শীতল ছাঁত আজি সকলো অসমীয়াই জিৰাইছোঁ, যি সামাজিক শৃঙ্খলা আৰু সুশাসন উপভোগ কৰিছোঁ, ই শ্ৰীশঙ্কৰদেৱৰ মোল দিবলৈ নোহোৱা মহৎ দান; ভাৰততে ইয়াৰ তুলনা বিচাৰি পাবলৈ বোধ কৰে টান হব। কিন্তু “কালস্য কুটিলা গতি।” আজি যদিও ভাগ্যৰ নিষ্ঠুৰ পৰিহাসে, অদৃষ্টৰ অদ্ভুত পৰিবৰ্ত্তনে, ৰাজনৈতিক আদি বাহ্যিক নানা কাৰণে ভাই-ভাই ঠাই-ঠাই কৰি ৰাখিছে, যদিও আজি শ্ৰীশঙ্কৰদেৱ, শ্ৰীমাধৱদেৱ আৰু শ্ৰীদামোদৰদেৱ প্ৰভৃতি তিনি বৈষ্ণৱ-সূৰ্য্যৰ অস্তাচল আৰু শেষ