পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৮
যুগনায়ক শঙ্কৰদেৱ

নিজ মাতৃক জীয়াই দুছোৱা কৰিবলৈ দিব পাৰিলেহেতেন বুলি ভাবিব পাৰিনে? তথাপি আমি জানো, “তেজ ধুলে উটে, মঙহ ধুলে নুটে।” এইদৰে শাসনকৰ্ত্তাসকলৰ অজ্ঞতাৰ দোষত ভাই-ভাই ঠাই-ঠাই হৈ থাকিলেও, সেই কোচবেহাৰ ৰংপুৰ জলপাইগুৰি আদি ঠাইৰ আমাৰ সোদৰৰ ভাইসকলে নিশ্চয় পুনৰ অসম-মাতৃৰ বুকুলৈ আহিবলৈ ইচ্ছা কৰিব। বিশেষকৈ অসমৰ আগমঙহ স্বৰূপ কোচবেহাৰ; তাৰ মহাপুৰুষীয়া সত্ৰ মধুপুৰ, কাকত-কুটা, ভেলাডঙা আদি সত্ৰ; আজিও ই অসমৰ অনেক পুৰোহিতৰ কাৰ্য্য- ক্ষেত্ৰ, আৰু বিশেষকৈ অসমীয়া ভাষা আৰু সংস্কৃতিৰ অস্থি এতিয়াও এইবোৰ ঠাইত বৰ্ত্তমান। গতিকে শ্ৰীশঙ্কৰদেৱৰ পতিত-পাৱন নামৰ বাহিৰে এই বিষয়তে অসমক উদ্ধাৰ-কৰোঁতা কেও নাই। তেনেহলে আহক, আমি সকলোটিয়েই অসমৰ ধৰ্ম্মগুৰু কৰ্মগুৰু শ্ৰীশঙ্কৰদেৱৰ প্ৰেৰণাকাঙ্ক্ষী হৈ ভবিষ্যতৰ সোণৰ অসম গঢ়িবলৈ দৃঢ়সংকল্প হওঁহঁত। অসম মাতৃৰ ভবিষ্যতৰ উজ্জ্বল মহিমাময় ৰূপটি সৌৱা অনতিদূৰত জিলিকিব লাগিছে! আহক, আটায়ে দিব্য চকু লভি সেই ভুবন মোহন ৰূপটি চাই মানৱী জীৱন সাৰ্থক কৰোঁহঁত।

 মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ সদৌ অসমীয়া জাতিৰে এনে এজন মহান্ কৰ্ণধাৰ। এই পুৰুষৰ চৰণ-প্ৰসাদত অসমীয়াই লাভ নকৰিলে কি? ধৰ্ম পালে, সুনীতি-সদাচাৰ পালে, ভাষা-সহিত্য পালে, আৰু এক জাতীয় জীৱন পালে।—

“চাৰি বেদ শিৰোমণি  মাঝে যাকেৰি  চৰণ বিকাশ।
সেহি দেৱকো কয়লি কলিকো  শঙ্কৰদেৱ পৰকাশ॥•••
মায়া নৰতনু -ধৰি হৰি-ভকতি  কয়লি বহু পৰচাৰ।
সৱ নৰ পাপ- পয়োধি মজ্জ্বল তাহে কয়লি উদ্ধাৰ
অব নিশি চাৰি বেদ বিচাৰি বেকত কৰু হৰিনাম৷
যাকেৰি বয়নে  মিলাই গাই  পাই মনোৰথ কাম।
পণ্ডিত মানী বেদ বখানি  গৰব কয়লি চুৰ।
গীতা-কবিত্ব গুণ শঙ্কৰদেৱৰ কীৰিতি গয়ো বহুদূৰ৷