পণ্ডিতসকলৰ কথাই নাই, আদিতে প্ৰতিদ্বন্দ্বী আৰু বৈৰভাৱে কাষ চপা মাধৱদেৱ আৰু সাৰ্বভৌম ভট্টাচাৰ্য্যৰ নিচিনা মনীষীয়েও শেষত শঙ্কৰদেৱক সাক্ষাৎ ঈশ্বৰ-অৱতাৰ বুলি ভক্তি-অৱনত হৈ বজ্ৰ-গম্ভীৰ স্বৰে ঘোষি গৈছিল; আৰু নিজে আভিজাত্য কুলৰ মুকুট-মণি স্বৰূপ হৈও দীন জাত্যাভিমানত ওফন্দি শ্ৰীশঙ্কৰদেৱক ঈশ্বৰ অৱতাৰ বুলিবলৈ টান পোৱা হীন মনৰ লোকবিলাকৰ প্ৰতি সেই সাৰ্বভৌম ভট্টাচাৰ্য্য আৰু ৰাম সৰস্বতী আদি ভক্তসকলে কৰা অজস্ৰ নিন্দাবাদ চৰিত- পুথিৰ পাতত আজিও জিলিকিব লাগিছে। জন্ম এটা আকস্মিক কথা বুলিয়েই, অৱতাৰবাদে হীন জাত্যাভিমান স্বীকাৰ নকৰে। সেইহে শ্ৰীকৃষ্ণই গুৱালৰ ঘৰত জন্ম লৈছিল। আৰু ৰামানুজাচাৰ্য্য, চৈতন্যদেৱ প্ৰভৃতি আভিজাত্য শ্ৰেণীৰ ধৰ্মগুৰুৰ গুৰু আছিল হীন- কুলীয়া শূদিৰ। অৱতাৰবাদৰ ই এক বিশেষত্ব বুলিয়ে কব পাৰি।
এজন প্ৰসিদ্ধ বঙালী গায়কে গাইছে-“পেটে ক্ষুধা যে জন নিবায় সেই ত ভগবান।” সচা কথা, তেনেহলে যিজনে সামান্য পেটৰ ভোককে নহয়, আত্মাৰ অনন্ত ভোক-পিয়াহ পলুৱাবৰ বাবে চিৰকাললৈ অসমীয়া জাতিৰ মুখৰ আগত মহা অমৃতৰ অক্ষয় ভাণ্ড দাঙি ধৰিছে, সেইজন ভগৱানৰো ভগৱান নহয় নে? অসমৰ সেই ৰাষ্ট্ৰ-বিপ্লৱ, সমাজ-বিপ্লৱ, ধৰ্ম-বিপ্লৱৰ কালত শঙ্কৰ মহাপুৰুষ অৱতীৰ্ণ নোহোৱা হলে আজি অসমীয়া বুলি চিনাকি দিবলৈ কিবা থাকিল- হেতেন নে? হব পাৰে পুষ্যবৰ্মা ৰজাৰ দিনৰে অসমৰ ভাস্কৰ কলাত অলপতে পোৱা বাসুদেৱ মূৰ্ত্তি আৰু প্ৰাক্-শঙ্কৰী যুগৰ কামৰূপৰ তামৰ ফলিত পোৱা বৰাহৰূপী বিষ্ণুৰ প্ৰতি স্বস্তিবচন আৰু মাধৱ কন্দলী আদি প্ৰাক্-বৈষ্ণৱ কবিসকলৰ ভণিতাৰ পৰা শ্ৰীশঙ্কৰদেৱৰ পূৰ্ব্বেই বিষ্ণু সেৱা আগ-শাৰীলৈ আহিব খোজা বুলি অনুমান কৰিব পাৰি; কিন্তু পুৱতী তৰাই দিনৰ দুপৰ বা এজাক বৰষুণে বাৰিষাৰ পয়োভৰ প্ৰমাণ ন কৰাৰ দৰেই, মানসিক সঙ্কীৰ্ণতা আৰু বিদ্বেষমূলক এনেবোৰ বাদেও শঙ্কৰ-সূৰ্য্যৰ পোহৰ