স্বায়ত্ত-শাসনৰো ঘাই কেন্দ্ৰ আৰু ভাৰতবৰ্ষৰ এটি আপুৰুগীয়া অনুষ্ঠান। বাস্তৱতে বৰ্ত্তমানৰ সংস্কৃত শাসন নিদি অসমক বঙ্গ, পঞ্জাব আদি প্ৰদেশৰ তল শাৰীত চীফ কমিশনাৰৰ প্ৰদেশ ৰূপে ৰাখিব বুলি কথা ওলাওঁতে ১৯১৯ খৃঃত অসমৰ হকে বিলাতত খাটনি ধৰিবলৈ যাওঁতাসকলে এই কথাতেই খোপনি ধৰি জিকি আহি অসমৰ বৰ্ত্তমান political prestige ৰক্ষা কৰিছে। মুঠতে মহা- পুৰুষৰ মহৎ শক্তিৰ বলত এক ধৰ্ম-নীতিয়েই নিজ বুকুত ধৰ্মনীতি, সমাজনীতি আৰু ৰাজনীতি তিনিওকে এক কৰি বঢ়িয়াকৈ সামৰি লৈছিল। দুৰ্ভাগ্যৰ বিষয়, সেইবোৰৰ আংশিক শিক্ষাকে আজি পাঁচ শ বছৰৰ মূৰত আমি নতুন বুলি লৈ লোকৰ চৰণ-তলত বহি নিজক কৃতাৰ্থ মানিব লগা হৈছে।
Democracy ( গণতন্ত্ৰবাদ )ৰ ৰিং আজি অকল ভাৰততে নহয়, সদৌজগতৰ ইমূৰৰ পৰা সিমূৰলৈ এটি নতুন বাতৰিৰূপে শুনা গৈছে। কিন্তু শঙ্কৰদেৱে পাঁচ শ বছৰৰ আগতে ব্যাপকভাৱে সেই গণতন্ত্ৰবাদৰ গুটি সিচি যোৱা নাই নে? বাইবেলৰ প্ৰথম ইংৰাজী অনুবাদক, ইংৰাজী গদ্যৰ পিতা, জন উইক্লিফৰ দৰে, সৰ্বসাধাৰণৰ দুষ্প্ৰাপ্য আৰু দুৰ্বোধ্য সংস্কৃত সাহিত্য মথি নিজ মাতৃভাষাত ধৰ্মৰ অমৃত বিলাই দিয়াই প্ৰথম গণতন্ত্ৰবাদৰ কাৰ্যকৰী পন্থা। শঙ্কৰদেৱ, মাধৱদেৱ আদি বৈষ্ণৱ কবিসকল সংস্কৃত ভাষাত এনে বিদগ্ধ পণ্ডিত অছিল যে অকল ইচ্ছা কৰা হলেই সংস্কৃতত নিজ গ্ৰন্থ ৰচি এওঁলোক ভাৰত-পূজ্য হব পাৰিলহেতেন। মধ্যদশমত অনন্ত কন্দলীয়ে স্পষ্ট কৈয়ে কৈছে, “শ্লোক সংস্কৃত আমি লিখিবাক ভাল জানি, তথাপি কৰিব পদবন্ধ। স্ত্ৰীশূদ্ৰ আদি যত, জানোক পৰম তত্ত্ব, শ্ৰৱণত মিলোক আনন্দ।৷” শ্ৰীশঙ্কৰদেৱৰ আদৰ্শকে শিৰত ধৰি দামোদৰ- দেৱেও জনশিক্ষা আৰু সুগম কৰিবৰ মনেৰে কথা-অসমীয়াত ভাগৱত ৰচিবলৈ এই বুলি বৈকুণ্ঠনাথ ভট্টদেৱক আদেশ দিছিল, “আৰ এক জগত ঈশ্বৰ আজ্ঞা ধৰা। কথা বন্ধে একখণ্ড ভাগৱত কৰা৷৷ পূৰ্বে মহাপুৰুষে কৰিলা দশ স্কন্ধ৷ কীৰ্ত্তন ভটিমা ছবি দুলৰী সুছন্দ৷৷