নিজ উপাৰ্জিত জ্ঞান তেতিয়ালৈকে কোনো বামুণক দিয়া হোৱা নাছিল। বহুত ভাবি-চিন্তি শেষত বয়সস্থ শুদ্ধচিত্ত আৰুণি গৌতমৰ আগ্ৰহ উপেক্ষা কৰিব নোৱাৰি, তেওঁক ভালেমান দিন শিষ্যৰূপে ঘৰত ৰাখি সেই অভিনৱ ব্ৰহ্মবিদ্যা প্ৰবাহনে দান কৰিলে, আৰু তেতিয়াৰ পৰাহে অপৰা বিদ্যাৰ সেৱক ব্ৰাহ্মণৰ ভিতৰত শ্ৰদ্ধাশীলসকলে এই পৰা বিদ্যা লাভ কৰি নিজক ধন্য মানিছে।
বিদেহৰ ক্ষত্ৰিয় ৰজা জনক সেই কালৰ শ্ৰেষ্ঠতম ব্ৰহ্মবিদ আছিল বুলিয়ে তেওঁক ৰাজৰ্ষি বোলা হৈছিল। কিন্তু ব্ৰহ্মবিদ্যা ইমান কঠিন যে ব্ৰহ্মিষ্ঠ বুলি নিজক ভাবিব পৰা আত্ম-বিশ্বাস অতি অলপ লোকৰহে আছিল। সেই কালত আন ঋষিসকলৰ ভিতৰতনো শ্ৰেষ্ঠতম ব্ৰহ্মিষ্ঠ কোন তাক জানিবৰ মনেৰে জনকে এক যজ্ঞৰ বিপুল আয়োজন কৰি যজ্ঞৰ শেষত ঋষিসকলক জনালে, ‘আৰ্য্যসকল, মই সহস্ৰেক স্বৰ্ণশৃঙ্গ গাই যুগুত ৰাখিছোঁ; আপোনাসকলৰ ভিতৰত যিজনেই সৰ্বশ্ৰেষ্ঠ ব্ৰহ্মবিদ সিজনেই সেই দান গ্ৰহণ কৰি মোক কৃতাৰ্থ কৰক। আন কাকো আগবঢ়া নেদেখি যাজ্ঞবল্ক্য ঋষিয়ে ‘মই এই দান গ্ৰহণ কৰিছোঁ’ বুলি তেওঁৰ শিষ্য সামশ্ৰবাক সেই সহস্ৰেক স্বৰ্ণশৃঙ্গ গাই তেওঁৰ আশ্ৰমলৈ নিবলৈ আদেশিলে। তেতিয়া অশ্বল, ভুজ্যু, উদ্দালক প্ৰমুখ্যে ঋষিসকলে যাজ্ঞবল্ক্যৰ শ্ৰেষ্ঠতম ব্ৰহ্মবিদ্যাৰ পৰীক্ষাৰ জোখাৰে প্ৰশ্ন কৰিলে, তেওঁ তাত উত্তীৰ্ণ হল। এওঁলোক প্ৰশ্ন কৰি পৰাস্ত হোৱাত বচরু ঋষিৰ কন্যা গাৰ্গী বাচরুবী সভাৰ মাজত ঠিয় হল; দেবীসুক্তৰ মন্ত্ৰ-কৰ্ত্ৰী অন্তৃণ ঋষিৰ কন্যা শূদ্ৰা বাক্ প্ৰভৃতি স্ত্ৰী-শূদ্ৰ নিৰ্বিশেষে উপনিষদ যুগত জ্ঞানৰ অধিকাৰী আৰু স্বাধীন আছিল। উদ্দালকে পোনতে অন্তৰ্য্যামী ব্ৰহ্মৰ কথা সোধাত যাজ্ঞবল্ক্যই উত্তৰ দিছিল, ‘পৃথিবীয়ে যাক নাজানে, অথচ এই পৃথিবীয়েই যাৰ দেহ, এই পৃথিবীৰ অভ্যন্তৰত থাকি যি সকলোকে নিয়ন্ত্ৰিত কৰে সেই অমৃতেই তেওঁ। উদ্দালকে সোধা ‘সৰ্বভূতাত্মক আত্মা’ৰ প্ৰশ্নৰ উত্তৰত যাজ্ঞবল্ক্যই কৈছিল, “যাক সৰ্বভূতে নাজানে,