পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৯
সমাজ-সংগঠনৰ অন্যান্য আহিল।

আকৌ তেনে এটি শকত জাতীয় ভাব দি বলৱন্ত কৰিবৰ আৱশ্যক হৈছে। অসমৰ দাতিকাষৰীয়া সকলো পিছ-পৰা জাতিক ৰাজনৈতিক বা আন শোষণত অসমৰ পৰা আঁতৰি যোৱা সকলো জাতিক এতিয়া বুকুলৈ সাৱটি আনিবলৈ সেই উদাৰ ধৰ্ম্ম প্ৰচাৰৰ নিচিনা সেই উদাৰ সাহিত্য-প্ৰভাৱ বিস্তাৰৰ বাহিৰে আন উপায় নাই। তাৰ কাৰণে সম্প্ৰতি “শঙ্কৰদেৱৰ নামে এটি অনুষ্ঠান পাতি চাই চিন্তি তেওঁৰ পবিত্ৰ নাম লৈ কামত আগবঢ়াৰ বোধ কৰোঁ অতি উপযুক্ত সময় হৈছে। শঙ্কৰদেৱ আজি অসমত নোহোৱা হোৱা নাই, আৰু অসমীয়া জাতি থাকে মানে শঙ্কৰদেৱ নোহোৱা হব নোৱাৰে। তেওঁৰ স্থূল দেহা জুই-ছাইৰ লগত মিলি গ’ল সচা, কিন্তু সিও অসমীয়াৰ জল-বায়ুৰ লগতহে মিল হৈ আছে; তাৰ বাহিৰ হব পৰা নাই। আজিৰ অসমীয়া সমাজৰ প্ৰাণ আৰু আত্মা সেই শঙ্কৰদেৱৰ প্ৰাণৰ ৰূপান্তৰ মাত্ৰ। সেই শঙ্কৰদেৱক নমস্কাৰ! সেই শঙ্কৰদেৱৰ প্ৰাণ স্বৰূপ অসমীয়া সমাজৰ জয় হওক। সেই শঙ্কৰদেৱৰ বুকুৰ তেজ স্বৰূপ অসমীয়া সাহিত্যৰ জয় হওক!!!

“জয় গুৰু শঙ্কৰ  সৰ্ব গুণাকৰ
 যাকেৰি নাহি উপaম।
তোহাৰি চৰণকু ৰেণু শত কোটি
 বাৰেক কৰোঁহো প্ৰণাম॥
পণ্ডিত মানী বেদ বখানি
 গৰব কয়লি সব চূৰ।
গীত, কৱিত্ব গুণ  শঙ্কৰদেৱৰ
 কীৰিতি গয়ো বহুদূৰ।
ভকতি ভাণ্ডাৰ  দ্বাৰ সব ছোৰি
 মুকুতি কয়লি উদাস৷৷
একশৰণ হৰি  নাম-ধৰম কহো
 ৰাজা কৰু পৰকাশ।”—ভট্টিমা।