এওঁলোকে নানা দুখ-কষ্ট খাই অশেষ লাঞ্ছনা সহিও মানৱ সমাজত বিচৰণ কৰি অনেক জীৱৰ উপকাৰ সাধি যায়। দেশ-কাল-পাত্ৰভেদে এই মহাত্মাসকলৰ উপদেশৰ প্ৰণালীত অলপ লৰচৰ হব পাৰে আৰু হোৱাটো বাঞ্ছনীয়; কিন্তু কাৰ্য্যতঃ মূল উদ্দেশ্যত একো ভিন্ দেখা নাযায়। ঠিক যি মহাসত্য প্ৰচাৰৰ কাৰণে য়ুৰ’পত এদিন যীশুৱে ইহুদিবিলাকৰ হাতত প্ৰাণ এৰিছিল, সেই মহাসত্য প্ৰচাৰৰ কাৰণেই মহম্মদে মক্কাত জন্ম লৈ নানা দুখ-কষ্ট পায়; আৰু ঠিক সেই সত্যকে প্ৰচাৰিবৰ কাৰণে অসমত শঙ্কৰদেৱৰ জন্ম হয়। যীশুৰ জন্মৰ আগতে যেনেকৈ য়ুৰ’পত কোনো সত্য ধৰ্ম্মৰ প্ৰাধান্য দেখা নগৈছিল, অনেক অধৰ্ম্মই সত্যৰ ৰাজ-দণ্ড দলিয়াই পেলাই দি নিজে তাৰ শাসন অধিকাৰ কৰি বহিছিল, মহম্মদৰ জন্মৰ আগতে যেনেকৈ আৰববাসী- বিলাকৰ অজ্ঞান আন্ধাৰৰ মাজত মূৰ্তি-পূজা আৰু নাস্তিকতাৰ ক্ৰীড়া চলিছিল, শঙ্কৰদেৱৰ আবিৰ্ভাবৰ আগতেও তান্ত্ৰিক শক্তি-পূজাই বিকৃত আকাৰ ধৰি অনেক তাণ্ডৱ লীলা আৰম্ভ কৰিছিল বুলি জনা যায়। কিন্তু এই সকল মহাপুৰুষে সমাজৰ এনে বিশৃঙ্খল অৱস্থাৰ মাজত জন্মগ্ৰহণ কৰি কেইওপিনে সত্যৰ বিজয় মন্ত্ৰ-জল চটিয়াই বহুমুখী হৈ আঁতৰি যোৱা সকলোকে একমুখী কৰি অশেষ জীৱৰ কল্যাণ সাধিছিল। এই মহাত্মাসকলৰ উপদেশ কোনো ঠাইৰ কোনো বিশেষ শ্ৰেণীৰ লোকৰ কাৰণে নিৰ্দিষ্ট কৰা কেতিয়াও তেওঁলোকৰ উদ্দেশ্য নাছিল, কিন্তু সদায় এই মহাত্মাসকলৰ পিছতহে সেই নামৰ একে ধৰ্ম্ম-সম্প্ৰদায় গঠিত হৈছিল আৰু সিও সদায় সংসাৰৰ সঙ্কীৰ্ণ- মনা আৰু ক্ষুদ্ৰ-বুদ্ধি মানুহৰহে কাম। শঙ্কৰদেৱ যি সময়ত আবিৰ্ভাৱ হৈছিল, সেই সময়ৰ সমাজত তেওঁৰ ডাক পৰিছিল, আৰু সেইমতেই তেওঁ আহি সমাজক অধৰ্ম্ম বা অপধৰ্ম্মৰ মুখত ছাই দি পতিত অৱস্থাৰ পৰা সমাজক ৰক্ষা কৰিলেহি। তেওঁৰ সেই সঞ্জীৱনী শক্তি বলতে অসমীয়া আজিও তেজীয়ান, কিন্তু সেই তেজ আজি ভালেমান বছৰৰ পৰা ক্ৰমে টুটি আহিছে যেন দেখা গৈছে। সেইদেখি অসমীয়াক
পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩০৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৮
যুগনায়ক শঙ্কৰদেৱ