“ভয়ো ভাই সাৱধান। |
যাৱে নাহি ছুটে প্ৰাণ। |
শঙ্কৰদেৱকে অনুসৰি তেওঁৰ শিষ্যসকলৰ প্ৰায় সকলোৱেই গৃহস্থী, আৰু ঈশ্বৰ শ্ৰীকৃষ্ণৰ চৰণত সকলো সমৰ্পণ কৰি সংসাৰ চলায়। কিন্তু মাধৱদেৱ সংসাৰত বাহ্যিকভাৱেও কোনোৰমে অনুৰক্ত নাছিল, আৰু তেওঁকে দেখি “কেৱলীয়া ভকত” বুলি এক শ্ৰেণীৰ লোকে বিয়া-বাৰু নকৰাই অতি সাত্ত্বিক আৰু শুদ্ধ ভক্তৰ জীৱন যাপন কৰে বুলি কথিত; কিন্তু এনে লোক ঠায়ে ঠায়ে দুই-এজনহে। মুঠতে, সংসাৰত থাকিও সমাজৰ সকলো লোকে যাতে পবিত্ৰ ধৰ্ম্ম-জীৱন যাপন কৰিব পাৰে এয়ে তেওঁৰ উদ্দেশ্য আছিল, আৰু সেই মতেই কাৰ্য্য কৰিছিল।
তেনেহলে এতিয়া মুঠতে দেখা হ’ল যি “এক-দেৱ এক-সেৱ একত বিনে নাই কেৱ” সনাতন ধৰ্ম্মই সত্য জগতত একে আলিঙনেৰেই সাবটি ধৰি আছে, শঙ্কৰদেৱে সেই সনাতন ধৰ্ম্মৰ বাজে আন একোকে অসমীয়া সমাজত প্ৰচাৰ কৰা নাছিল। মঙ্গলময় পৰমেশ্বৰৰ যেনেকৈ কোনো নিৰ্দিষ্ট নাম নাই, সেইদৰে মানৱ হৃদয়ত ধৰা তেওঁৰ পৰম পবিত্ৰ বাণী স্বৰূপ যি সত্য ধৰ্ম্ম, তাৰো কোনো নিৰ্দিষ্ট নাম নাই। মহাত্মা গান্ধীয়েও এঠাইত কৈছে, “সকলো ধৰ্ম্মতে আছল ধৰ্ম্ম নিহিত আছে।” জগতত হিন্দু ধৰ্ম্ম বুলি এটা ধৰ্ম্ম নাই, আন কোনো ধৰ্ম্ম বুলিও এটা ধৰ্ম্ম নাই; জগতত আছে মাথোন এক বিশ্বজনীন্ সত্য ধৰ্ম্ম। যদি বোলা সেয়ে মনুষ্য ধৰ্ম্ম, যদি বোলাঁ সেয়ে সত্য সনাতন ধৰ্ম্ম। মহাত্মাসকলৰ হৃদয়-সাম্ৰাজ্য অনন্ত নীলিমাৰ দৰে উদাৰ; গোটেই মানৱ জাতিৰ কল্যাণৰ কাৰণেই পৃথিবীত এওঁলোকৰ জন্ম; আৰু এক উমৈহতীয়া উদ্দেশ্য লৈয়ে