শঙ্কৰদেৱৰ নিজ জীৱনেই সমাজৰ কাৰণে এটি উচ্চতম আৰ্হি। সাংসাৰিকভাৱে শঙ্কৰদেৱ সংসাৰৰ আছিল। তেওঁ দুবাৰে বিয়া- বাৰু কৰিছিল আৰু সেইদৰে পৰিবাৰো পোষণ কৰিছিল; কিন্তু তেওঁ সংসাৰী নাছিল; সংসাৰৰ বিষয়-বাসনাৰ লগত তেওঁ তেল আৰু পানীৰ দৰে আছিল। এইসকল মহাপুৰুষেই “পুত্ৰ উপজিলে আনন্দ নকৰে, মৰিলে নকৰে শোক।” যেতিয়া তেওঁৰ প্ৰথম পুত্ৰ জন্ম হয়, তেতিয়া শঙ্কৰদেৱে আনন্দ কৰক চাৰি ঈশ্বৰৰ চৰণত এই বুলিহে কাতৰ হৈ পৰিছিল বুলি জনা যায়—
“পাৱে পৰিহৰি কৰোহো কাতৰি
প্ৰাণ ৰাখবি মোৰ।
বিষয় বিষধৰ বিষে ঝৰঝৰ
জীৱন নাৰহে থোৰ।
অথিৰ ধন-জন জীৱন-যৌৱন
অথিৰ এহু সংসাৰ।
পুত্ৰ পৰিবাৰ সবহি অসাৰ
কৰবো কাহেৰি সাৰ।
কমল দল জল চিত্ত চঞ্চল
থিৰ নোহে তিল এক।
নাহি ভয়-ভৱ- ভোগে হৰি হৰি
পৰম্পদ পৰতেক৷৷
কহতু শঙ্কৰ এ দুখ-সাগৰ
পাৰ কৰা হৃষীকেশ।
তুহু গতি মতি, দেহু শ্ৰীপতি
তত্ব পন্থ উপদেশ।”
আন সময়ত যেতিয়া তেওঁৰ জোঁৱায়েক হৰিক আহোম ৰজাই এটি সামান্য দোষৰ কাৰণে হত্যা কৰায়, তেওঁৰ মৃত্যুৰ আগতে মাধৱদেৱে এই গীতটি ৰচনা কৰি গাইছিল—