ধৰ্ম্মৰ আগৰ মুকলি চৰাৰ দৰে। ইয়াত ধৰ্ম্ম-ভেদ নাই, কিয়নো নাম- ধৰ্ম্ম সভ্য জগতৰ সকলো ধৰ্ম্মতে সৰ্ব্ববাদী-সন্মত। এই নাম-মাহাত্ম্য সম্পৰ্কে মাধৱদেৱে লিখিছে—
“ৰাম শবদৰ ৰা পদ ভৈল
প্ৰচণ্ড বহ্নি নিশ্চয়।
ম বায়ু সমে অধৰ্ম্ম অৰণ্য
দহিয়া ভস্ম কৰয়।”
“ৰাম নাম মহা প্ৰমত্ত সিংহৰ
ধ্বনি শুনি ৰিণি ৰিণি।
পাপময় মত্ত মাতঙ্গ পলায়,
মিলিল হেৰা বিঘিনি॥” —নামঘোষা।
শঙ্কৰদেৱেও নাম-ধৰ্ম্মৰ সাতোটা ফলৰ কথা “সহস্ৰ নাম বৃত্তান্তত’’ এইদৰে কৈছে—“শুনিও হৰিৰ নাম কেন ভাল। সম্যকে পাতকৰ যমকাল৷৷ যতেক ব্ৰত দান যজ্ঞ কৰ্ম। সিদ্ধান্ত হৰি-নামে সব ধৰ্ম্ম৷৷ কৰান্ত বিষয়ত বিৰকতি। মিলান্ত কৃষ্ণত দৃঢ় ভকতি॥ মায়াৰ বন্ধ ছুৰি জ্ঞান দেন্ত। অন্তকালে বিষ্ণু পদক নেন্ত৷৷ কৃষ্ণত নৰ যেবে গৈল লীন। তেবেসে হৰি-নাম উদাসীন৷৷ এহি মতে নাম গণি লৈয়োক। জানিয়া হৰি নাম ভাবিয়োক৷৷”
সেইদেখি শঙ্কৰদেৱৰ মতে নাম-ধৰ্ম্মই মুক্তিলাভৰ সৱাতোকৈ উত্তম পন্থা, আৰু সেইবাবেই মুক্তি বিচাৰি কোনেও ঘৰ-বাৰী এৰি থৈ সন্ন্যাস ধৰ্ম্ম অৱলম্বন কৰিব নালাগে, বেদ পঢ়ি অশেষ পাণ্ডিত্য লভি জ্ঞানৰো দৌল বান্ধিব নালাগে, কৰ্ম্মৰো বিশেষ আৱশ্যক নাই, নাম-ধৰ্ম্মই সকল গুণ সাধিব। এই ভক্তি-পন্থাৰ নাম-ধৰ্ম্মই শঙ্কৰদেৱে দেখুৱাই দিয়া মতে গীতাৰ জ্ঞানযোগ আৰু কৰ্ম্মযোগ দোধোৰ-মোধোৰৰ পৰা সাৰিবৰ উপায়—ৰাজআলি! কিন্তু অকল মুখেৰে ৰাম” বুলিলেই নহয়—
“ভাই! মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ।
তেবেসে মুকুতি পাইবাঁ কহিলো স্বৰূপ।” -কীৰ্ত্তন।