পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৪
যুগনায়ক শঙ্কৰদেৱ

আৰু বৰং সকলো ঠাইতে তেওঁ তেওঁৰ কথাত প্ৰত্যয় নগলে ভাগৱত আমি শান্ত্ৰত থকা সেই কথা সেই অধ্যায় বিচাৰি চাবলৈ আঙুলিয়াই দিছে—

“হৰি নামে নামে নামে নিশ্চয়।
মোহোৰ জীৱন নাৰদে কয়॥
কলিৰ কালে আৰু আতপৰ।
নাই নাই নাই গতি লোকৰ॥
নাৰদে দিগন্ত তিনি কতপা।
নামানিবে আক কোননো লপা॥
নাৰদৰ বাণী শিলৰ ৰেখা।
বৃহত নাৰদী বিচাৰি দেখা॥”
“জানিয়া হৰিক সততে স্মৰ।
কণেকো নপসাৰিবাহা নৰ।
যত মহা পুণ্য মহা পাতক।
ই দুয়ো কিন্তু জানা প্ৰত্যেক॥
তথাপি যদি চিত্ত নেদা ঠাৰি।
পদ্ম পুৰাণত চায়ো বিচাৰি।৷
বৃহত সহস্ৰ নামত আছে।
নাপাইলে আমাক নিন্দিব পাছে৷৷”—পাষণ্ডমৰ্দন

 কিন্তু আনহাতে, শক্তি-পূজা-প্ৰধান কামৰূপত ইমান যুগৰ মুৰত বৈষ্ণৱ ধৰ্মই যি উশাহ লবলৈ পালে ইয়াক মঙ্গলৰ হেতুত বাজে আন একো বুলিব নোৱাৰি; কিয়নো সেই তান্ত্ৰিক পূজা তথা শক্তি- পূজাৰ হীন অৱস্থাৰ কালত যেতিয়া গোসানীৰ আগত হাঁহ, পাৰ, ছাগলি, ম'হ আদি জন্তু নৃশংসৰূপে বলি দিয়াৰ উপৰিও মানুহ বলি দিয়াৰ প্ৰথাও চলিব পাৰিছিল, সেই কালত সমাজ ধ্বংসৰ একেবাৰে মুখে মুখে পৰিছিল বুলি আৰু তাৰ পৰা সমাজক পবিত্ৰ নিষ্কাম নাম-ধৰ্ম্মৰ ফালে ঘূৰাই অনাটোকো অতি মঙ্গলৰ কাৰণ নুবুলি নাভাবি নোৱাৰি। আকৌ, এই নাম-ধৰ্ম্মই জগতৰ সকলো প্ৰধান