পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯২
যুগনায়ক শঙ্কৰদেৱ

কৰি থৈছে আৰু অকল মুগ্ধ কৰাই নহয় সামাজিক উদাৰতাত সকলো সম্প্ৰদায়কে অতি ওখত ৰাখিছে। শঙ্কৰদেৱৰ এই উদাৰ সাম্যভাৱৰ মোহন মন্ত্ৰ বলতে অসমীয়া সমাজ আজি বোধকৰোঁ সমগ্ৰ ভাৰতবৰ্ষৰ ভালেমান প্ৰাদেশিক সমাজতকৈ উদাৰ আৰু সেইদেখি উন্নত। সেই সময়ত অনেক ধৰ্ম প্ৰচাৰকৰ সকলো বৰ্ণৰ লোকক একাকাৰ বা এক সমান খাপলৈ অনাৰ যি প্ৰৱল ধাউতি দেখা হৈছিল, শঙ্কৰদেৱত কিন্তু তাৰ নাম-গোন্ধেই পোৱা নগৈছিল। বৰ্ণাশ্ৰম ধৰ্মৰ লগত তেওঁৰ কোনো বাদ-বিসম্বাদ নাই, তেওঁৰ প্ৰচাৰিত ধৰ্মমতে সকলোৱে নিজ নিজ কৰ্ত্তব্য কৰি যাব; কিন্তু ধৰ্ম অনুষ্ঠানবিলাকত সকলোৰে সমান অধিকাৰ। সজ আৰু সদাচাৰী ব্ৰাহ্মণসকলৰ লগত শঙ্কৰদেৱৰ কেতিয়াও বিদ্বেষ ভাব নাছিল; আৰু তেওঁক বিদ্বেষৰ যি চকৰি-গোম সাপে খুটিবলৈ গৈছিল তাকো কেৱল যাজক ব্ৰাহ্মণবিলাকৰ কোনো-কোনোৱেহে চাইছিল। প্ৰকৃততে ধৰ্ম-অনুষ্ঠানবিলাকত সদায় উপযুক্তজনেই গীতা বা ভাগৱত বা আন ধৰ্মশাস্ত্ৰ পাঠ কৰিছিল, তেহেলৈ তেওঁ শূদিৰেই হওক বা ব্ৰাহ্মণেই হওক; আৰু বিষ্ণুৰ আগত দিয়া প্ৰসাদ যেই সেই নীতি সদাচাৰ মানি চলা লোকেই বিলাই দিব পাৰিছিল।

 শঙ্কৰদেৱৰ ধৰ্ম-শিক্ষাৰ এফাকি মূলমন্ত্ৰ আছিল আৰু সেই ফাকিয়েই তেওঁৰ সকলো কৰ্ম, সকলো ধৰ্ম, সকলো সাহিত্যৰ মাজেদি “সূত্ৰে মণিগণাইব” গোঁথা আছিল। সেই মূলমন্ত্ৰ বা উপদেশ এয়ে :—

“কুকুৰ চাণ্ডাল গৰ্দভৰো আত্মা ৰাম।
তানিয়া সবাকো পৰি কৰিবাঁ প্ৰণাম॥”
“সমস্ত ভূততে ব্যাপি আছোঁ মই হৰি।
সবাক মানিবাঁ তুমি বিষ্ণু বুদ্ধি কৰি॥”
“ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি ফুল।
দাতাত চোৰত যেন দৃষ্টি এক তুল॥
নীচত সাধুত যাৰ হৈল এক জ্ঞান।
তাহাকেসে পণ্ডিত বুলিয়া সবে জন॥-বৈকুণ্ঠপ্ৰয়াণ