প্রথম প্রকাশকৰ নিবেদন
প্রাতঃস্মৰণীয় লক্ষ্মীনাথ বেজবৰুৱাৰ পাচত পঢ়াশলীয়া জীৱনৰ পৰা যােৱা আধা শতিকা কাল গভীৰ শ্রদ্ধা আৰু ঐকান্তিক নিষ্ঠাৰে আশাশুধীয়াকৈ একেৰাহে মহাপুৰুষীয়া তথা অসমীয়া সাহিত্য তুলনামূলকভাৱে অধ্যয়ন কৰি অহা এই গ্রন্থকাৰৰ চৰ্চাৰ প্ৰায় পৰিসমাপ্তিমূলক এই গ্রন্থখনি প্ৰকাশ কৰিবলৈ পাই আমি অতি গৌৰৱান্বিত বােধ কৰিছোঁ।
শঙ্কৰদেৱ তথা মহাপুৰুষীয়া সাহিত্য-চৰ্চাৰ জনক স্বর্গীয় বেজবৰুৱাই বর্তমান শতিকাৰ দ্বিতীয় দশকৰ পৰাই তেওঁৰ আলােচনাৰ পাতনি মেলে। ১৯১১ চনত তেওঁৰ ‘শঙ্কৰদেৱ’ আৰু ১৯১৪ চনত ‘শঙ্কৰদেৱ আৰু মাধৱদেৱ’ প্রকাশিত হােৱাৰ উপৰি তেওঁৰ সম্পাদিত ‘বাঁহী’ত যােৱা তৃতীয় দশকৰ শেষলৈকে অলেখ প্ৰৱন্ধ আৰু আলােচনা ওলায়। কোৱা বাহুল্য মহাপুৰুষীয়া ধৰ্ম আৰু সাহিত্যৰ আলােচনাৰ এয়ে মূল ভেঁটি; আৰু বর্তমান গ্রন্থকাৰক এই ক্ষেত্ৰত বেজবৰুৱাৰ উত্তৰাধিকাৰী বুলি আমি ধৰিব পাৰোঁ।
কিন্তু প্রাচীন গ্রীচৰ চিন্তাজগতত প্লেটো আৰু তেওঁৰ শিষ্য এৰিষ্টটোল বা প্রাচীন ধর্মজগতত অদ্বৈতবাদী শঙ্কৰাচাৰ্য্য আৰু তেওঁৰ উত্তৰাধিকাৰী বিশিষ্টাদ্বৈতবাদী ৰামানুজাচাৰ্য্যৰ সামান্য মতানৈক্যৰ দৰে বেজবৰুৱা আৰু বর্তমান গ্রন্থকাৰৰ বিচাৰ-পদ্ধতিত সামান্য পার্থক্য দেখিবলৈ পােৱা হয়। এই প্রভেদ ব্যক্তিগত নিশ্চয় নহয়, ই কেৱল ৰীতিগত। বেজবৰুবাই যি সময়ত গৱেষণা আৰম্ভ কৰে তেতিয়া বৈজ্ঞানিক পদ্ধতি ভালদৰে বিকশিত হােৱা নাছিল; বর্তমান গ্রন্থকাৰে বিকশিত বিজ্ঞান-সম্মত পদ্ধতিৰ সুবিধা পাই তাৰ প্ৰয়ােগ কৰিছে, ইমানেই।
লিখক মহাপুৰুষীয়া ধৰ্ম আৰু সাহিত্যৰ এগৰাকী বিশিষ্ট সমালােচক। উক্ত বিষয়ে গ্রন্থকাৰৰ অসমীয়া আৰু ইংৰাজীত অসংখ্য প্ৰৱন্ধৰ উপৰিও ১৯৪০ ত “বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি”, ১৯৪১ ত “বৈষ্ণৱ ধৰ্মৰ ভক্তিতত্ত্ব”, ১৯৪২ ত “বৈষ্ণব ধৰ্মৰ ক্ৰমবিস্তাৰ”, ১৯৫০ ত Mahapurusism, a universal Religion আৰু ১৯৫২ত “বৈষ্ণৱ ধৰ্মৰ আতিগুৰি (বিস্তৃত) আৰু ১৯৬৪ ত Jagat-Guru Sankardew, the Founder of Mahapurusism গ্রন্থ প্রকাশিত হয়। অসম সাহিত্য সভাৰ সভাপতি (১৯৬৫-৬৬) হােৱাৰ আগতে তেখেত কেইবাবছৰ “অসম শঙ্কৰদেৱ সঙ্ঘৰ” স্থায়ী সভাপতি আছিল, আৰু তাৰো আগতে ১৯৪০ ত যােৰহাটত “শঙ্কৰদেৱ শিক্ষালয়”ৰ প্ৰতিষ্ঠাপক-সভাপতি হৈছিল।
অতি সন্তোষৰ বিষয়, বর্তমান গ্ৰন্থত এক সম্পূর্ণ নতুন দৃষ্টি-ভঙ্গীৰ পৰা তেখেতে শঙ্কৰদেৱৰ আলােচনা কৰিছে। বহুতে যেনেকৈ অজ্ঞানতাবশতঃ শঙ্কৰদেৱৰ গুৰু বিচাৰ কৰে, আন বহুতেই তেনেকৈ এক ভ্রান্ত ধাৰণাৰ বশবর্তী হৈ শঙ্কৰদেৱ দ্বৈতবাদী নে অদ্বৈতবাদী, বিশিষ্টাদ্বৈতবাদী নে দ্বৈতাদ্বৈবাদী, আদি প্রশ্ন কৰে।