জাতীয় উছৱ, ৰং-ধেমালি আৰু নীতি-সদাচাৰ আদিয়েই এটা জাতিৰ জাতীয় বিশেষত্বৰ প্ৰাণ স্বৰূপ, আৰু এই সম্পৰ্কেও শঙ্কৰদেৱৰ অসমীয়া সমাজলৈ দিয়া দান অতি মহৎ। প্ৰথমতে, ভাৱনা অসমীয়াৰ এটি বিশিষ্ট জাতীয় অনুষ্ঠান; পোনতে শঙ্কৰদেৱে তেওঁৰ লগৰ ভূঞাসকলক বৈকুণ্ঠৰ বৃত্তান্ত সকলোকে সমূহতে কবলৈ আজি- কালিৰ দৃশ্য-পটৰ দৰে স্বৰ্গ আৰু মৰ্ত্ত্যৰ নিজে কাপোৰত ছবি আঁকি যি “চিহ্ন যাত্ৰা” ভাৱনা কৰিছিল, এয়ে তাৰ প্ৰথম অভিনয়। ইংলণ্ডত এলিজাবেথ যুগৰ আগতে হোৱা মিষ্টেৰী, মৰেলিটী, মিৰেকল প্লে আদিৰ দৰে যদিও এই ভাৱনা প্ৰকৃত অভাৱ-বোধৰ পৰা অৰ্থাৎ শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যেৰেই পতা হৈছিল, তথাপি ই তাৰ লগতে অসমীয়া নাট্য কলাৰ যি অসীম উন্নতি সাধিলে তাক দেখি ধন্য ধন্য নকৰি নোৱাৰি। এই ভাৱনা অনুষ্ঠানটো আজি-কালি শিক্ষিত লোকে হাতত নোলোৱাত যদিও ই সময়ৰ লগত উজাব পৰা নাই, আৰু যদিও সম্প্ৰতি ইয়াৰ অৱনতিকেহে ক্ৰমে দেখা গৈছে, তথাপি ইয়াত যতনে ৰাখিবলগীয়া অনেক বিশেষত্ব আছে, আৰু ইয়াৰ আধুনিক শিক্ষিত সকলোৰে চকুত আসোঁৱাহজনক যেন লগা কিছুমান কথা গুচাই দিলে ই এতিয়াও বিদেশী যাত্ৰা আৰু থিয়েটাৰতকৈ আমাৰ কাৰণে বেছি উপযোগী হব। ইয়াৰ লগতে শঙ্কৰদেৱে খোল আদি নানা নতুন ৰকমৰ বাদ্য নিজ আজ্ঞা অনুসাৰে কৰাইছিল, আৰু এই বাদ্যবোৰে অসমীয়াৰ বিশেষত্ব। পুৰীত শঙ্কৰৰ নাম বিখ্যাত আৰু তাৰ গীত-বাদ্যও বোলে খুব মিলে। ইয়াৰ লগতে ফাকুৱা অনুষ্ঠানটোও ঠিক শঙ্কৰদেৱৰ সময়ৰ পৰাই অসমত প্ৰচলিত হয়। অসমীয়া জাতীয়ত্বৰ কাৰণে শঙ্কৰদেৱৰ এইবোৰ দানৰ মূল্য অতি মহৎ।
সমাজ-সংগঠনত শঙ্কৰদেৱৰ আন এটি অতি মহৎ কীৰ্ত্তি হৈছে সমাজত সকলো সম্প্ৰদায়ৰ মাজত উদাৰ ওখ সাম্যভাৰ বিস্তাৰ৷ তেওঁৰ ধৰ্মৰ এই গুণটোৱেই সমাজৰ প্ৰায় সকলো সম্প্ৰদায়কে মুগ্ধ