বাসুদেৱৰ উদ্দেশে যি এটা গৰুড় স্তম্ভ সজাই দিছিল, সি আজিলৈকে বৈষ্ণৱ ধৰ্ম্মৰ আন এটি নিদৰ্শন দাঙি ধৰিছে। খৃষ্টীয় চতুৰ্থ শতিকাত চন্দ্ৰগুপ্ত (১ম) পাটলিপুত্ৰৰ সিংহাসনত বহি হিন্দুধৰ্ম্ম পুনপ্ৰতিষ্ঠা আৰু গুপ্তাব্দ প্ৰচলন কৰে আৰু তেওঁৰ পাছত সমুদ্ৰগুপ্ত ৰজা হৈ ৰাজসূয় যজ্ঞ পাতি বৈদিক ধৰ্ম্ম সমৰ্থন কৰে। সম্ৰাট সমুদ্ৰগুপ্তৰ এলাহাবাদ বিজয়স্তম্ভৰ শিলালিপিত তেওঁৰ ৰাজসূয় যজ্ঞত সমতট, ডৱাক, কামৰূপ আৰু নেপাল ৰাজ্যৰ ৰজাসকলে যোগ দিয়ে বুলি বৰ্ণোৱা আছে। তেতিয়া কামৰূপৰ সিংহাসনত পুষ্য বৰ্ম্মা আছিল বুলি ধৰা হয়, আৰু এওঁ ভাস্কৰ বৰ্মাৰ এঘাৰ পুৰুষৰ ওপৰত; কিন্তু ৰায়বাহাদুৰ কনকলাল বৰুৱা ডাঙৰীয়াৰ মতে ভাস্কৰ বৰ্ম্মাৰ ন পুৰুষৰ আগৰ বলবৰ্ম্মাহে সম্ৰাট সমুদ্ৰ গুপ্তৰ সমসাময়িক। (“বাঁহী”, ১৭শ বছৰ, ৭ম সংখ্যা)। ভাস্কৰবৰ্ম্মাৰ তাম্ৰ শাসনৰ পৰা তেওঁ- লোকৰ বংশাৱলী এই অনুক্ৰমে হয়:পুষ্য বৰ্ম্মা, সমুদ্ৰ বৰ্ম্মা, বল বৰ্ম্মা, কল্যাণ বৰ্ম্মা, গণপতি বৰ্ম্মা, মহেন্দ্ৰ বৰ্ম্মা, নাৰায়ণ বৰ্ম্মা, মহাভূতি বৰ্ম্মা, চন্দ্ৰমুখ বৰ্ম্মা, স্থিত বৰ্ম্মা, সুস্থিত বৰ্ম্মা, ভাস্কৰ বৰ্ম্মা। সমুদ্ৰ গুপ্তৰ লগত অতিশয় সৌহাৰ্দ্য থকা হেতুকে পুষ্য বৰ্ম্ম ই নিজ পুতেকৰ নাম সমুদ্ৰ বৰ্ম্মা আৰু তেওঁৰ বোৱাৰীয়েকৰ নাম দত্তদেবী বা দত্তৱতী ৰাখি সম্ৰাট সমুদ্ৰ গুপ্ত আৰু তেওঁৰ ভাৰ্য্যাৰ নাম স্মৰণ কৰিছিল; আৰু এনে উপায়েৰেই সেই সময়তে গুপ্ত ভাস্কৰ্য্য আৰু বাসুদেৱ ধৰ্ম্ম কামৰূপত সোমায় বুলি অনুমান কৰা হয়। (“জয়ন্তী”, ৪ৰ্থ বছৰ, ১৪শ সংখ্যা)।
বৰ্তমান নগাঁও জিলাৰ মিকিৰ পাহাৰৰ ওচৰত বৰগঙ্গা নামৰ ঠাইত যি শিলালিপি আবিষ্কৃত হৈছে তাত পুষ্য বৰ্মাৰ এজন বংশধৰ আৰু ভাস্কৰ বৰ্ম্মাৰ পূৰ্বপুৰুষ মহাভূতি বৰ্মাক “পৰম ভাগৱত পৰম দৈৱত” বোলা কথাই ২৩৪ গুপ্তাব্দ (৫৫৪ খৃঃ) বা তাৰ আগৰে পৰা এই দেশত ভাগৱতী ধৰ্মৰ নিদৰ্শন দাঙি ধৰে। এই শিলালিপি ৰজা মহাভূতি বৰ্ম্মাৰ প্ৰধানমন্ত্ৰী আৰ্য্যগুণে বৰগঙাত এখন আশ্ৰমৰ