পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৬
যুগনায়ক শঙ্কৰদেৱ

পাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীৰ অনুমান মতে ইন্দ্ৰভূতি উড়িষ্যাৰ ৰজা আৰু তেওঁ বজ্ৰযোগিনীৰ উপাসনা প্ৰচাৰ কৰাত তেওঁৰ কন্যা লঙ্কীশ্বৰাই তেওঁক সহায় কৰে। কিন্তু পাছৰ গৱেষণাই দেখুৱায় যে ইন্দ্ৰভূতি কামৰূপৰ ৰজা ইন্দ্ৰপাল আৰু এওঁৰে ভনীয়েক ভগৱতী লক্ষ্মী বা লক্ষ্মীঙ্কৰা সিদ্ধা হয় আৰু পুতেক পদ্মসম্ভৱো এজন বিখ্যাত সিদ্ধ পুৰুষ হৈ উঠে। ভুটীয়াসকলৰ প্ৰবাদ মতেও গুৰু পদ্মসম্ভৱ কাম- ৰূপ দেশৰ লোক আৰু নাম-গুৰু বুলি তেওঁক ভুটীয়া স্বাৰু তিব্বতী- সকলে এতিয়াও পূজা কৰে। ছিকিমৰ ৰাজ-মন্দিৰত গুৰু পদ্মসম্ভৱৰ মূৰ্তি এতিয়াও পূজা কৰা হয়।

 ইন্দ্ৰপালৰ পাছত তেওঁৰ পুতেক গোপাল ৰজা হয় আৰু এওঁৰ পুতেক এজন বৌদ্ধ ধৰ্ম্মত দীক্ষিত হৈ অনঙ্গবজ্ৰ নাম লয়; এওঁৰে ককায়েক হৰ্ষপাল গোপালৰ পাছত ৰজা হয়। তিব্বতী গ্ৰন্থকাৰ তাৰনাথৰ মতেও অনঙ্গবজ্ৰ পূৰ্ব-ভাৰতৰ গোপাল নামে এজন ৰজাৰ লৰা। অষ্টম শতিকাৰ প্ৰাৰম্ভতে বঙ্গ দেশত পালবংশ স্থাপন কৰা গোপালৰ বাহিৰে পূব-ভাৰতত সেই নামৰ কোনো ৰজা নাই আৰু বজ্ৰসিদ্ধসকলৰ কাল ১০ম-১১শ শতিকাৰ আগত হব নোৱাৰে যেতিয়া কামৰূপৰ গোপালৰ পুতেকেই অনঙ্গবজ্ৰ বুলি ঠাৱৰোৱা হয়। এওঁ তান্ত্ৰিক বৌদ্ধধৰ্ম্মৰ এজন প্ৰসিদ্ধ পণ্ডিত আছিল আৰু ’প্ৰাজ্ঞা- পাৰ্য্যবিনিচাৰ্য্যসিদ্ধ’, ‘হেব্জতন্ত্ৰ’ আদি গ্ৰন্থ ৰচিছিল; এই আগৰখন পুথি সম্প্ৰতি গেইকোৱাড় অৰিয়েণ্টেল ছিৰিজৰ পৰা প্ৰকাশিত হৈছে। এইদৰে ‘ডাকাৰ্ণৱ’ নামৰ পুথিখনো এই সময়তে বজ্ৰায়ন গ্ৰন্থৰূপে কামৰূপতে ৰচিত হৈ নেপালত ৰক্ষিত হৈছিল বুলি ধৰিব পাৰি। ৰজা গোপালে একাদশ শতিকাৰ শেষ ভাগত ৰাজত্ব কৰিছিল; দ্বাদশ শতিকাৰ কামৰূপৰ ৰজা ধৰ্মপাল সন্ন্যাসী হৈ যোৱাত তেওঁৰ বংশৰ বিজয়পাল ৰজা হয়। এই সময়ৰ পৰাই পুৰণি কামৰূপ ৰাজ্যৰ প্ৰতাপ-সূৰ্য্য লাহে লাহে অস্তমিত হবলৈ ধৰে আৰু ই ভাগি-ছিগি নানা সৰু-সুৰা ৰাজ্য হয়।