সোমোৱাত তেওঁলোকৰ যোগেদি দেশত নানান আচাৰ প্ৰবৰ্ত্তিত হ’ল৷ এইবোৰ সম্প্ৰদায়ৰ ভিতৰত বজ্ৰযান অসমত প্ৰধান; আৰু ’সাধনমালা’, ‘গুহ্যসমাজ’ মাৰু ‘গুহ্যসিদ্ধি’ প্ৰভৃতি পুথিৰ যোগে তাৰ মত দেশত প্ৰচাৰিত হয়। বৰ্ত্তমান অসমৰ ৰাতি-খোৱা সম্প্ৰদায়ৰ পুথিবোৰ সম্ভৱ এইবোৰবে ভাঙনি বা সাৰাংশ। বুদ্ধদেৱৰ শূন্যবাদেই এইবোৰ পুথিৰে ঘাই বিষয়। যি অসমত খৃষ্টীয় সপ্তম শতিকাৰ আগ ভাগত ভাস্কৰ বৰ্ম্মাৰ ৰাজত্বত বৌদ্ধধৰ্ম্মৰ কোনো চিন- মোকাম নাই বুলি চীন-পৰিব্ৰাজক যুৱান-চাঙে লিখি গৈছিল, তাৰে দুই শতিকাৰ ভিতৰতে বজ্ৰযান বৌদ্ধ সম্প্ৰদায়ৰ লীলাভূমি আৰু ঘাই কেন্দ্ৰ হৈ পৰিছিল। “সাধনমালা”ৰ মতে কামাখ্যা, শ্ৰীহট্ট, পূৰ্ণগিৰি আৰু ওড্ডিয়ান (বৰ্তমান নগাৱঁৰ হোজাই) এই সম্প্ৰদায়ৰ ঘাই কেন্দ্ৰ৷
তীব্বতী পণ্ডিত লামা তাৰানাথৰ মতে শঙ্কৰাচাৰ্য্যই হুৰাই দিয়াত বৌদ্ধ সন্ন্যাসীবিলাক নালন্দা, মগধ আদি ঠাইৰ পৰা পলাই পূব ফাললৈ আহে। সুন্দৰ হাচি নামে এজন বৌদ্ধ ৰজাই অসম, শ্ৰীহট্ট, ত্ৰিপুৰা আৰু কাছাৰৰ পৰ্ব্বতীয়া ঠাইবোৰ জুৰি নানগাতা নামে এখন ৰাজ্য পাতে৷ দশম শতিকাৰ শেষ ছোৱাত কামৰূপৰ ৰজা ৰত্নপালৰ ৰাজত্বতে কিছুমান বৌদ্ধ সন্ন্যাসী আহি ৰজা আৰু তেওঁৰ বামুণ মন্ত্ৰীবিলাকক নানা প্ৰকাৰ যাদুবিদ্যা দেখুৱাই বৌদ্ধধৰ্ম্মলৈ আকৃষ্ট কৰে। ৰত্নপালৰ জীৱিত অৱস্থাতে এওঁৰ মৃত্যু হোৱাত এওঁ ৰজা হবলৈ নাপালে আৰু এওঁৰ পুতেক ইন্দ্ৰপাল একাদশ শতিকাৰ মাজভাগত ৰজা হয়। এই কালতে মীননাথ নামে অসমৰ এজন কৈবৰ্ত্তই ‘কৌলজ্ঞান নিৰ্ণয়’, ‘অকুল বীৰতন্ত্ৰ’ আৰু ’কামাখ্যা গুহ্যসিদ্ধি’ নামৰ গ্ৰন্থ লিখে; ‘অকুলবীৰ তন্ত্ৰ’ৰ সামৰণিত লিখিছে— “ইতি মচ্চিন্দ্ৰ পদাবতাৰিতে কামৰূপ স্থানে যোগিনী প্ৰসাদাৎ লব্ধং অকুলবীৰং সমাপ্তম্।” নেপালৰ খাটমণ্ডু দৰ্বাৰ পুথি-ভঁৰালৰ পৰা মূল পুথি নি ‘কৌলজ্ঞান’ আৰু ’অকুলবীৰ’ গ্ৰন্থ দুখন বঙ্গ দেশৰ পৰা