বিৱৰণ, দুই চাৰিখন তামৰ ফলি আৰু চৰিত পুথিৰ বাহিৰে শঙ্কৰদেৱৰ আগৰ বা তেওঁৰ সময়ৰ অসমীয়া সমাজৰ ওপৰত পোহৰ পেলোৱা একো উপায় নাই। কামৰূপ শাসনাৱলীৰ প্ৰশস্তিবোৰৰ পৰা নৱমৰ পৰা একাদশ শতিকালৈকে এই দেশত শৈৱ ধৰ্ম্মৰ প্ৰাধান্য, আৰু একাদশ শতিকাৰ শেষ ছোৱাত শিৱৰ লগতে দুৰ্গা, ধৰিত্ৰী, আৰু মহাবৰাহৰ উল্লেখ আৰু দ্বাদশ শতিকাৰ তামৰ ফলিত অকল বৰাহৰূপী নাৰায়ণৰ স্তুতিৰ পৰা ক্ৰমে বিষ্ণু-পূজাৰ উন্মেষ হোৱা গম ধৰিব পাৰি। তদুপৰি ভাৰতবৰ্ষৰ ৫১ খন পীঠৰ ভিতৰত এখন প্ৰধান শক্তিপীঠ কামাখ্যাক বুকুত লৈ অসম যে অতীজৰ পৰা এখন শক্তি-পূজা-প্ৰধান দেশ আছিল তাত সন্দেহ নাই। ন শতিকাত শঙ্কৰচাৰ্য্য এই দেশলৈ আহিও ইয়াত তেওঁৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিছিল : নৰকাসুৰেই পুৰণি প্ৰাগজ্যোতিষৰ প্ৰথম আৰ্য ৰজা বুলি জনা যায়, আৰু কালিকা পুৰাণৰ মতে এৱো কামাখ্যা- উপাসক আছিল। নৰকাসুৰৰ উভতি শেষত ইমান বাঢ়িছিলগৈ যে তেওঁ কামাখ্যা গোসানীক বিয়া কৰাবলৈ উদ্যত হৈছিল আৰু গোসানীও হেনো সেই প্ৰস্তাৱত মান্তি হবলৈ বাধ্য হৈছিল; শেষত নানা চল-চেলুৰেহে কামাখ্যাই এই আপদৰ হাত সাৰিব পাৰিছিল।
ত্ৰয়োদশ শতিকাৰ আগভাগত আহোম আক্ৰমণকাৰীবিলাক অসম সোমাওঁতে চুটিয়া আৰু বাৰভূঞা এই দুই শক্তি-উপাসক ৰাজ- শক্তিৰ লগত ভেটা-ভেটি হয়। ভূঞাবিলাক এনে ঘোৰ দেৱী-উপাসক আছিল যে শঙ্কৰদেৱৰ এজন পূৰ্ব্বপুৰুষে দেৱীদাস নাম লৈছিল। চুটিয়াবিলাক এগৰাকী “কেচাইখাঁতী” গোসানীক পূজা কৰিছিল। তেওঁলোকে যে গোসানীৰ আগত নৰবলি দিছিল উক্ত নামেই তাৰ প্ৰমাণ। কামাখ্যা মন্দিৰ ন-কৈ সজাওঁতে আৰু হাজোৰ হয়গ্ৰীৱ মাধৱৰ মণিকূট ন-কৈ থাপনা কৰাওঁতে নৰ-বলি দিয়াৰ নিচিনা লোমহৰ্ষক কাহিনী ঘটা বুলি জনা যায়; প্ৰথম কোচ ৰজা বিশ্বসিংহ ১৫১৫ খৃঃত ৰাজপাটত উঠিয়ে কামাখ্যা মন্দিৰ ন-কৈ সজাবলৈ লয় আৰু কনৌজ