পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮১
অৱতাৰবাদ আৰু প্ৰাক্-শঙ্কৰী অসম

এনে আদৰ্শ দেখুওৱাটো ঈশ্বৰৰ ইচ্ছা বুলিয়েই আমি জানো। গীতাতো কৰ্ম্মযোগত শ্ৰীকৃষ্ণৰ মুখত এনে বাণীয়েই নিঃসৃত হৈছে—

“ন মে পাৰ্থাস্তি কৰ্ত্তব্যং ত্ৰিযু লোকেষু কিঞ্চন।
নানাবাপ্তমৰাপ্তব্যং বৰ্ত্ত এব চ কৰ্ম্মণি। ২২।
যদি হ্যহং ন বৰ্ত্ত্বেয়ং জাতৃ কৰ্ম্মণ্যতন্দ্ৰিতিঃ।
মম বৰ্ত্মনুিবৰ্ত্তন্তে মনুষ্যাঃ পাৰ্থ সৰ্ব্বশঃ। ২৩।
উৎসীদেৱৰিমে লোকা ন কুৰ্য্যাৎ কৰ্ম্মচেদহম।
সঙ্কৰস্য চ কৰ্ত্তা স্যামূপন্যামিমাঃ প্ৰজাঃ॥ ২৪।

 তদুপৰি আদৰ্শত মানৱত্বৰ পৰা দেৱৰ পাৰ্থক্য নিচেই তাকৰ; এনে লোকসকল দেৱত্ব আৰু মানৱত্বৰ দোমোজা বা সন্ধিস্থলত বুলিব পাৰি। ইংৰাজ কবি টেনিছনে কবৰ দৰে এওঁলোক ‘মানৱী আৰু ঐশ্বৰিকৰ সঙ্গমত অতি ওখ আৰু অতি পৱিত্ৰ মানৱতা'। শ্ৰীশঙ্কৰদেৱ ঈশ্বৰ অৱতাৰ হলেও স্বৰূপাৰ্থত মানুহেই; গতিকে মানৱৰূপে তেওঁলোক সাধাৰণৰ হিতৰ অৰ্থে কি কৰি গল সেয়ে সম্প্ৰতি আমাৰ বিচাৰৰ বিষয় নিশ্চয়। জগতৰ বুৰঞ্জীত ওপৰে ওপৰে চকু ফুৰাই গ'লেও এই কথা চকুত নপৰি নোৱাৰে যে মহাপুৰুষ- সকলৰ জন্ম লোক-হিতৰ অৰ্থে ই আৰু গীতাত তাকে স্পষ্টকৈ কোৱা হৈছে--

“পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতাম্।
ধৰ্ম্ম-সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে।”

 ইংৰাজ কবি ব্লে’কে কবৰ দৰে ‘সকল যুগ সমান, কিন্তু প্ৰতিভাশালী পুৰুষসকল তেওঁলোকৰ যুগৰ ওপৰত। আকৌ, এখন দেশৰ বুৰঞ্জী সেই দেশৰ ডাঙৰ মানুহসকলৰ জীৱনীৰ বাহিৰে একো নহয়। শ্ৰীশঙ্কৰদেৱৰ প্ৰতিভাৰ মহত্ত্ব বুজিবলৈ হলে সেই যুগৰ অসমীয়া সমাজৰ প্ৰকৃত অৱস্থা কি আছিল, তাক এবাৰ ভালকৈ জনা উচিত। দুৰ্ভাগ্যক্ৰমে দুই এজন মুছলমান বুৰঞ্জী-লেখকৰ