অতুল ধৈৰ্য্য আৰু অনুপম স্বাৰ্থত্যাগ আহি দেখা দিয়ে। ইপিনে আকৌ অসত্যৰ আমোলত মানুহৰ সেই মহৎ গুণবিলাক ক্ৰমে লোপ পাই আহে আৰু সত্যৰ পুনপ্ৰতিষ্ঠাৰ সময়ত সেই ওখ গুণবোৰৰ ওচৰ চাপিলে তুলনাত নিজক থিহিৰা-গগা বা মুজুৰা যেন লাগে; আৰু সেই নতুন শক্তিৰ অৰুণোদয়ৰ আগত পুৱতী নিশাৰ ভোটা তৰাবোৰে সদায় জঁই পৰি আত্মসমৰ্পণ কৰে। এইখিনিতেই অৱতাৰবাদৰ অৱতাৰণ॥ অসত্যৰ আমোলতো সত্যৰ ৰাম-ৰাজ্যৰ কথা মানুহৰ মনৰ পৰা একেবাৰে মচ নাযায় বা অসত্যৰ ৰাজ্যতো সত্যৰ ফলীয়া অনেক লোক ৰৈ যায়; আৰু অসত্য আঁতৰি গলেই সত্যক এওঁলোকে হাতত লৈ থকা জয়-মালা পিন্ধাই ন-কৈ বৰণ কৰে। এনে সত্যৰ ন থাপনাকাৰী লোকৰে মাহাত্ম দেখি জন- সাধাৰণে সেই শক্তিক দেৱশক্তি আৰু তেনে পুৰুষক ঈশ্বৰ-প্ৰেৰিত পয়গম্বৰ বা মহাপুৰুষ বুলি মূৰ দোঁৱায়।
কিন্তু দেখা যায় এনে মহাপুৰুষসকলৰ জীৱনত অতি-মানৱতা আৰোপ কৰাৰ লগে লগে তেওঁলোকৰ বিশেষ মানৱৰ মূল কথালৈ আমাৰ দৃষ্টি ক্ৰমাৎ খীণ হৈ আহে। এই কথা কোনেও নুই-নাই নকৰিব যে সংসাৰত আদৰ্শনীয় লোকসকলৰ জীৱনৰ ‘অমানৱী’ বোলা বিষয়বোৰতকৈ তেওঁলোকৰ দিনেকীয়া জীৱনৰ কৰ্ম্মপন্থা উদ্দেশ্য আদিহে আনাৰ মনোযোগ আকৰ্ষণৰ বিশেষ অধিকাৰী আৰু তাৰ পোহৰতহে আন্ধাৰ বাটৰ বাটৰুৱা সংসাৰৰ লোকে দুখোজ আগবাঢ়ি যাবলৈ বল পাব পাৰে। শ্ৰীশঙ্কৰদেৱ যে ঈশ্বৰ অৱতাৰ এই সত্য মানি লোৱা হওক; শ্ৰীৰামচন্দ্ৰও এনে এক বিশেষ অৱতাৰ আছিল; কিন্তু তেওঁলোকে মানুহ জনম ধৰি সকলোখিনি কাম মানুহৰ দৰেহে আচৰণ কৰি গৈছে। নকৰিবই বা কিয়? ঈশ্বৰ হলেও যদি তেওঁ মানুহ শৰীৰ ধাৰণ কৰিছে, তেনেহলে মানুহৰ দৰে আচৰণ নকৰিলে যে গোটেই কথাটো মূলতে বিসুৰীয়া হ'ব!
কিন্তু এইসকল মানুহ স্বৰূপেও অতি ওখ, অতি পূত; আৰু