পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

একত্ৰিশ

অৱতাৰবাদ আৰু প্ৰাক্-শঙ্কৰী অসম

ভাৰতবৰ্ষৰ সৰহখিনি হিন্দুৱেই অৱতাৰবাদী। অসমৰো সকলো হিন্দুৱেই অৱতাৰ মানে শ্ৰীশঙ্কৰদেৱৰ ঈশ্বৰ অৱতাৰ, এইটোৱেই সৰহভাগ অসমীয়াৰ ডাঠ বিশ্বাস। সেইদেখি আন নহলেও বছৰৰ মূৰত এদিন ঈশ্বৰ-পুৰুষৰ তিৰোভাৱ তিথি বুলি প্ৰায় সকলো অসমীয়াই গাঁৱে গাঁৱে গোটখাই হাল-বন খতি কৰি এখনি শৰাই আৰু এভাগি নৈবেদ্য তেওঁৰ চৰণলৈ আগবঢ়াই মহাপুৰুষৰ গুণানুকীৰ্ত্তন কৰি মূৰ দোৱায়। তেওঁৰ ৰচিত কীৰ্ত্তন দশম আদি পুথি অসমীয়াই বেদৰ তুল্য পৱিত্ৰ জ্ঞান কৰে আৰু নামৰ আগত থাপনা পাতে।

 পাছে অৱতাৰবাদ অকল অসমীয়া বা ভাৰতীয়ৰে বাপতি-সাহোন সদৌ ধৰ্ম্ম-জগতত ই সৰ্ব্ববাদীসম্মত। সত্যৰ বীজ যদিও অব্যৰ্থ, সংসাৰৰ কটুৰ মাটিত পৰি সদায় ই নিজ ইচ্ছামতে গজিব বা গজি গা কৰিব নোৱাৰে। এই মাটিৰ স্বভাৱেই এনে যে যি গুটিয়েই ইয়াত পৰক, তাকে ই ইয়াৰ নিজ গুণ দি মোলাই লবলৈ বিচাৰে। সেইদেখি কেতিয়াবা অমৃত গছতো বিহ-ফল লগা একো ন কথা নহয়। গতিকে মাজে মাজে সত্যক ন-নকৈ প্ৰৱৰ্ত্তিত আৰু স্থাপিত কৰি থাকিবৰ আৱশ্যক হয়। ইংৰাজ কবি টেনিছনেও এই মৰ্ম্মে কৈছে,—পুৰণি নিয়মে নতুনক ঠাই এৰি দিয়ে আৰু ঈশ্বৰে অনেক উপায়ে নিজ ইচ্ছা পূৰণ কৰে; কিয়নো সেয়ে নহলে এটা ভাল নিয়মেই জানোবা কালত এই সংসাৰখন কলুষিত কৰিবগৈ। (পাছিং অব অৰ্থৰ)।

 অসত্যৰ তাপত সত্যই যেতিয়া সত্ৰ এৰি পলায়, তেতিয়া সত্যক আকৌ নিজ আসনত থাপি খোৱা শুদা-শুদি কথা নহয়; এই কাৰ্য্যত নহয়;