(জ্ঞানেন্দ্ৰিয়) পাঁচজনক আগতে বধ কৰিবাঁ, আৰু এক-চিত্ত হৈ ( মহাসুখ) সহজ নলিনী-বনত সোমাবা। জানিবাঁ, চিত্তৰ জাগ্ৰত অৱস্থাই প্ৰভাত; চিত্ত-বৃত্তিৰ লয়-প্ৰাপ্তি হলেই প্ৰজ্ঞা-ৰজনীৰ উদ্ভৱ।—
সৃষ্টি স্থিতিলয় মাধৱৰ মোক্ষ লীল
কৃষ্ণৰ কিঙ্কৰে পদ শঙ্কৰে ৰচিলা।৷ ৫।
মহা ভাগৱত পদ অমৃত সাক্ষাৎ!
বামন পুৰাণ কিছু মিশ্ৰ দিলোঁ তাত॥ ৬।
তৃতীয় স্কন্ধৰ মহা ভাগৱত পদ।•••
যেন মতে ভৈল ইটো অনাদি পাতন।” ৭।
মহা প্ৰলয়ৰ কালত কি হৈছিল শঙ্কৰদেৱে সুন্দৰকৈ বৰ্ণাইছে :
“মহা বায়ু লীন গৈল মহা আকাশত।
আকাশে পশিল অহঙ্কাৰৰ গৰ্ভত।৷ ৩৬।
মহত্ত্ব তত্ত্বত লীন গৈল অহঙ্কাৰ।
মহাতত্ত্বো পশিল প্ৰকৃতি পুনৰ্বাৰ।
মহা প্ৰকৃতিও পুৰুষতে গৈলা লীন।
নাথাকিল আন একো পুৰুষত ভিন্। ৩৭!
নাই জল নাই স্থল নাহিক আকাশ।
নাই মহা বায়ু চন্দ্ৰ সূৰ্য্যৰ প্ৰকাশ।
নাই শীত উষ্ণ ঋতু নাই ৰাত্ৰি-দিন।
সমস্ত সংসাৰ গৈলা ঈশ্বৰত লীন। ৩৮।
জগতৰ জীৱ উদৰত কৰি বাস।
কেৱলে ঈশ্বৰ কৃষ্ণৰ কৰন্ত প্ৰকাশ॥” ৩৯।
‘অনাদিপাতন”ৰ শেষ কথা এয়ে, প্ৰকৃতি তথা মায়াৰ দুৰ্গুণৰ বাবেই এই জটিলৰো জটিল ৰূপে সৃষ্টিৰ উৎপত্তি হল; তথাপি “যাৰ মন লৈল এক শৰণ কৃষ্ণত। অপ্ৰয়াসে পাৱে মোক্ষ সিসে সংসাৰহ ৷৷”
⸻⸻