পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৬
যুগনায়ক শঙ্কৰদেৱ

মতে পিঠিৰ মাজত থকা মেৰু-মণ্ডলৰ উৰ্দ্ধে সূৰ্য্য বায়ু আৰু অধে চন্দ্ৰ বায়ুৰ নিবাস; আৰু মুঠ নাড়ীৰ লেখ ৭২০০০ হলেও ঘাই তিনি নাড়ীৰ ভিতৰত সূৰ্য্য মণ্ডললৈকে ব্যাপি থকা সুষুম্না নাড়ী উত্তমা। শঙ্কৰদেৱৰ সমৰ্থিত যোগশাস্ত্ৰ মতে মেৰু-মজ্জাৰ ভিতৰেদি যোৱা সুষুম্না নাড়ীত বায়ু প্ৰবেশ কৰিলে মানুহ অজৰ-অমৰ হব পাৰে।

 সহজযান মতে “ললনা প্ৰজ্ঞা স্বভাৱেন ৰসনোপা সংস্থিত। অধূৱতী মধ্যদেশে তু গ্ৰাহ্য গ্ৰাহক বৰ্জিত।” এই ললনা নাড়ী স্বৰূপা গঙ্গা আৰু ৰসনা নাড়ী ৰূপা যমুনাৰ মাজত অৱধূতী নাৰীৰ সহায়েদি নৈৰাত্মাৰূপিনীক লাভ কৰিব পাৰি। লুইপাদৰ এটি দোহাত কৈছে—কায়। বৃক্ষ, পঞ্চ কৰ্মেন্দ্ৰিয় তাৰ ডাল; চঞ্চল চিত্তৰ ভিতৰেদি কাল সোমায়, কিন্তু চিত্ত দৃঢ় কৰিলে মহাসুখ লভিব পাৰি। কাহ্ন পাদৰ দোহাত কৈছে--মন তৰু, পঞ্চ জ্ঞানেন্দ্ৰিয় তাৰ ডাল, আশা বহল পাত, বাসনা ফল; বজ্ৰযানী গুৰুৰ শিক্ষা স্বৰূপ কুঠাৰেৰে এনেভাৱে তাক কাটিব লাগিব যেন সি আৰু গজিব নোৱাৰে।” “অবিম্বিতস্য চন্দ্ৰস্য কৰ্ত্ৰকৰ্ত্তৃতে। ন সত্যে নানৃতে যদ্বৎ তৎ কালস্য সৃষ্টিঃ।” শঙ্কৰদেৱে তাকেই কৈছে, “মনতেসে আছে ইটো চৈধ্যয় ভুবন।” গতিকে সংসাৰ-বৃক্ষ ছেদনৰ দ্বাৰা ঈশ্বৰ-লাভৰ সহজ বাট— “যাৰ মনে লৈল এক শৰণ কৃষ্ণত। অপ্ৰয়াসে পাৱে মোক্ষ সি সি সংসাৰত।” “ন জায়তে ম্ৰিয়তে কিঞ্চিদত্ৰ জগত্ৰয়ে। ন চ ভাব বিকাৰাণাং সত্তা কৃচ ন বিদ্যতে।” (যোগাবশিষ্ঠ)।

 ২১ ক্ৰমাঙ্কৰ বৌদ্ধ দোহাত কৈছে; আন্ধাৰ ৰাতি যেনেকৈ নিগনিয়ে ইচ্ছামত ফুৰি মিঠা বস্তু নষ্ট কৰে, সেইদৰে জ্ঞানালোক নোহোৱালৈকে ( অবিদ্যা থাকে মানে) চঞ্চল চিত্তই ৰূপাদি বিষয়ত ফুৰি বোধি-চিত্তৰ পৰা ওপজা স্বাভাৱিক অমৃত-ধাৰা বিনষ্ট কৰে। ২৩ক্ৰমাঙ্কৰ দোহাত ভুমুক পাদে কৈছে, তুমি চিকাৰলৈ ওলালে