সুষম্না আছয় মেৰু-মজ্জাৰ ভিতৰে।
যাত বায়ু পশিলে অমৰ হোৱে নৰে॥২০৯।
তাহাৰ মুখত ঢাকি আছে কুণ্ডলিনী।
মায়াৰ শকতি যেন দেখিয়া সৰ্পিনী।
অপান বায়ুক সিটো ৰমে যোগবলে।
অগ্নিৰ তাপত শক্তি ওপৰক চলে॥ ২১০।
সুষম্নাত তেৱে গৈয়া প্ৰবেশি পৱন।
শুনা শৰীৰত আছে যত দেৱগণ॥
মন আদি চৈধ্য ইন্দ্ৰিয়ৰ অধিষ্ঠাতা।
ভিন্নে ভিন্নে আছে তাত চৈধ্যয় দেৱতা॥ ২১১।
আঁখিত আদিত্য নাকে অশ্বিনীকুমাৰ।
জিহ্বাত বৰুণ বাক্যে বহ্নিৰ সঞ্চাৰ॥
কৰ্ণে দিশ চৰ্মে বায়ু ভুজে ইন্দ্ৰ স্থিতি।
পদে বিষ্ণু গুহ্যে মিত্ৰ লিঙ্গে প্ৰজাপতি॥২১২।
চিত্তে বাসুদেৱ অহঙ্কাৰে ৰুদ্ৰ স্থিত।
মনত চন্দ্ৰমা বিধি আছন্ত বুদ্ধিত॥
এহি চৈধ্য দেৱ পুণ্য পাতকৰ সাক্ষী।
ঈশ্বৰ পুৰুষ হৃদয়ত আছা দেখি॥২১৩।
মূঢ়জনে বেলে মোক নেদেখিলে কেৱ।
হৃদয়ত দেখি আছে পঞ্চদশ দেৱ॥ ২১৪।
সহজযান ধৰ্মমতে “পদ্মেকং নিৰ্মাণচক্ৰং চতুঃষষ্ঠী দলযুক্তম্।” শঙ্কৰদেৱৰ মতে শৰীৰৰ ছয় চক্ৰৰ ৫৬ দলহে যোগশাস্ত্ৰ-সন্মত। সহজযানৰ মতে চৌষষ্ঠী দলভুক্ত সেই পদুমৰ ওপৰত নৈৰাত্মাৰূপিনীৰ ( নিৰ্ব্বাণ) নৃত্য; শঙ্কৰদেৱৰ মতে জীৱৰ হৃদয়-কমলত পৰমাত্মাৰ স্থিতি। সহজযানমতে নৰৰ বাঁও নাকৰ বিন্ধায়দি চন্দ্ৰ স্বভাৱ বা গ্ৰাহক ভাৱে ললনা নাড়ী, দুইৰো মাজত থকা গ্ৰাহক-গ্ৰাহ্য ভাব- বৰ্জিত অৱধূতী নাড়ী বত্ৰিশ নাড়ীৰ ভিতৰত প্ৰধানা। শঙ্কৰদেৱৰ