ৰসাতলে হুইবে দৈত্য দানৱৰ ভাগ।
পাতালৰ বাসুকী প্ৰমুখ্যে যত নাগ॥
ত্ৰিংস হাজাৰৰ পথ তাহাৰ অধত।
আছন্ত অনন্ত কচ্ছপৰ ওপৰত॥
এহিমতে পাতালক অনুক্ৰমে দেখা।
সাত খণ্ড পৃথিবীৰ আৱে লৈয়ো লেখা॥
জম্বু প্লক্ষ কুশ ক্ৰৌঞ্চ শাক যাৰ নাম।
শাল্মলী পুষ্কৰ দ্বীপ অতি অনুপম॥
আছে সাতো দ্বীপ সাগৰৰ চাৰি কাষে।
সাতখান সাগৰে সাতকো বেঢ়ি আছে॥
এহিমতে ত্ৰিজগত কৰিলা নিৰ্মাণ।••••••
তাৰ পাছত গুৰুজনে দেহ-তত্ত্বৰ বৰ্ণনা দিছে।
ব্ৰহ্মাণ্ডৰ সপ্ত-পঞ্চ-আদি তত্ত্ব বিৱৰণ
(ক) সাত তল (পাতাল) |
(খ) সাত দ্বীপ (পৃথিৱী) |
(গ) সাত লোক (স্বৰ্গ) |