ঈশ্বৰৰ কটাক্ষে প্ৰকৃতি মনে ভীত।
সাত খণ্ড স্বৰ্গ তৈত কৰিলা নিৰ্মিত॥
সাত দিব্য পুৰী ইটো অতি অনুপাম।••••••
কিন্নৰ সৱৰ বাসা হৈবোক ভূলোক॥••••••
গন্ধৰ্ব লোকৰ ভূব লোকে হুইব স্থিতি।
স্বৰ্লোকত ইন্দ্ৰ দশ দিশপাল পতি॥
মহলোকে ধ্ৰুৱ আৰু হৃদি নাৰায়ণ।
জনলোকে থাকিবন্ত মহামুনিগণ।
তপলোকে মহামহা সিদ্ধৰ প্ৰকাশ।
সত্যলোকে হুইব ব্ৰহ্মা দেৱৰ নিবাস।
ব্ৰহ্মাৰ ওপৰে হুইব শিৱৰ নিলয়।
হৰৰ ওপৰে বিষ্ণুলোক ৰত্নময়॥
ভৈল গৃহ সহস্ৰ যোজন পথ ঘুড়ি।
একে সত্যলোকে তিনি দেৱতাৰ পুৰী॥
সৱাৰে ওপৰে কৰৈ বৈকুণ্ঠ প্ৰকাশ।
চৈধ্য ভুবনৰ বাজ কৃষ্ণৰ নিবাস॥”
প্ৰথমত অগ্নি, দ্বিতীয় জল, তৃতীয়ত বায়ু, চতুৰ্থত আকাশ (ইঠৰ্), পঞ্চমত অহঙ্কাৰ, ষষ্ঠত মহত্ত্ব, সপ্তমত প্ৰকৃতি–ব্ৰহ্মাণ্ডৰ এই সপ্ত আৱৰণ। তাৰ পাছত গুৰুজনে সাত পাতাল আৰু সাত পৃথিবীৰ বৰ্ণনা দিছে।
“পাতালৰ সৃষ্টি শুনা আত অনন্তৰ।••••••
দ্বাদশ হাজাৰ পথ মাজত আকাশ॥
অতলত ময়ৰ তনয় মহাবল।
পাৰ্বতী সহিতে হৰে লৈলন্ত বিতল॥
সুতলক পাইলে বলি হৰিভক্তি কৰি।
দ্বাৰত আছন্ত বিষ্ণু কৰে গদা ধৰি॥
তলাতলে বঞ্চিলন্ত বিশ্বকৰ্মা ময়।
মহাতলে তক্ষক প্ৰভৃতি সৰ্পচয়॥