পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৬
যুগনায়ক শঙ্কৰদেৱ


“জড় প্ৰকৃতিত কৰিলন্ত জীৱ দান।
অষ্টগুণে তেজ ষোল গুণে ভৈল প্ৰাণ॥ ৪৪।
ঈশ্বৰ কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী।
প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত্ত্ব উৎপত্তি॥
মহত্ত্বৰো তিনি পুত্ৰ ভৈলা অনুপাম॥ ৫২।
তামসিক ৰাজস সাত্ত্বিকী অহঙ্কাৰ॥ ৫৩।

তামসত হন্তে শব্দ গুণৰ প্ৰকাশ।
শব্দৰো পুত্ৰ ভৈলা নামত আকাশ॥
আকাশৰ হন্তে পৰশৰ উৎপতি।
পৰশৰ পুত্ৰ ভৈল বায়ু মহামতি॥ ৫৪।

বায়ু হন্তে ৰূপ নামে পুত্ৰ অৱতাৰ।
ৰূপৰ তনয় ভৈলা অগ্নি চমৎকাৰ॥
অগনিৰ পুত্ৰ ভৈলা ৰস মহামতি।
ৰসগুণ হন্তে পাছে জল উৎপতি॥ ৫৫।

জলে উৎপতি ভৈলা গন্ধগুণ নাম।
গন্ধ গুণ হন্তে বসুমতী অনুপাম॥ ৫৬।

ৰাজসত হন্তে দশেন্দ্ৰিয় ভৈলা জাত।
দশবিধ নাম ৰাজা কহিবোঁ তোমাত॥
চক্ষু কৰ্ণ নাসা মুখ চৰ্ম জিহ্বা হাত।
পদ গুহ্য লিঙ্গ এহি দশৰো প্ৰখ্যাত॥ ৫৭।

সাত্ত্বিকত হন্তে দশ দেৱ উৎপতি।
বায়ু-বহ্নি বিষ্ণু ইন্দ্ৰ দিশ প্ৰজাপতি॥
অশ্বিনীকুমাৰ মিত্ৰ আদিত্য বৰুণ।
এহি অধিষ্ঠাতা দশ দেৱ সত্ত্ব গুণ॥ ৫৮।
চক্ষু অধিষ্ঠাতা যে আদিত্য জ্যোতিৰ্ময়।
কৰ্ণ অধিষ্ঠাতা দিশ জানিবা নিশ্চয়॥