পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ত্ৰিশ
শঙ্কৰদেৱৰ সৃষ্টিতত্ত্ব ব্যাখ্যা

ঈশ্বৰ জীৱ আৰু জগত বা দেহ জীৱাত্মা আৰু পৰমাত্মাৰ পৰস্পৰ সম্পৰ্ক লৈ শঙ্কৰদেৱৰ তত্ত্ব-মূলক কথাবিলাক তেওঁৰ ৰচনাৰ নানান ঠাইত সিচৰতি হৈ আছে; আৰু সেইবোৰ সুচাৰুৰূপে একত্ৰিত কৰিব পাৰিলেই শঙ্কৰদেৱৰ নিজ অনুভৱৰ মৌলিক ধৰ্মতত্ত্ব সম্পূৰ্ণৰূপে পোৱা হব। দশম পুথিত বৃত্তান্তমূলক কথাৰ মাজতে আমি পাওঁ :

প্ৰকৃতি আশ্ৰয়ী  আছে আদি বৃক্ষ
 সুখ দুখ দুই ফল।
তিনি গুণ মূল  অৰ্থ চাৰি ৰস,
 শিপায়ে ইন্দ্ৰিয় বল॥
হয় উৰ্ম্মি আত্মা   সাত ধাতু ছাল,
 শাখায়ে আঠ প্ৰকৃতি।
দশ বায়ু পাত,  ঈশ জীৱ দুই,
 পক্ষী থাকে তাত নিতি॥ ৬২।

 সংসাৰ আদি বৃক্ষ, প্ৰকৃতি তাৰ আশ্ৰয়দাত্ৰী। সত্ত্ব, ৰজঃ, তমঃ, তিনি গুণেই সেই বৃক্ষৰ গুৰি। চকু, কাণ, নাক, জিবা, ছাল, এই পাঁচ জ্ঞানেন্দ্ৰিয়, আৰু মুখ, হাত, ভৰি, গুহ্য, লিঙ্গ, এই পাঁচ কৰ্মেন্দ্ৰিয়ঃ মুঠ এই দশেন্দ্ৰিয় সেই গছৰ শিপা। ধৰ্ম, অৰ্থ, কাম, মোক্ষ, এই চতুৰ্বৰ্গই সেই দহ শিপাই আঁকুহি অনা চাৰি ৰস। শোক, মোহ, জা, মৃত্যু, ক্ষুধা, পিপাসা, এই ছয় উৰ্মিয়েই সেই গছৰ আত্মা বা প্ৰাণ। মেদ, মাংস, অস্থি, মজ্জা, শুক্ৰ, ৰস, শোণিত, এই সাত ধাতু সেই সংসাৰ-গছৰ ছাল। ক্ষিতি (মাটি), অপ্‌ (পানী), তেজ (অগ্নি),