অতি স্থুল বা পাপ-বুদ্ধি নোহোৱা লোকে নুবুজি নাথাকে। প্ৰবৃত্তি-
মাৰ্গৰ লোকে সাধাৰণতেই, এজন্মত কিয় বহু জন্ম ধৰিও সেই
আঠুৱনীয়া বোকাৰ পৰা উদ্ধাৰ নাপাই চৌৰাশী নৰক ভুঞ্জি মৰাও
আচৰিত নহয়:
“শৰীৰ-শৱক মই বোলে চিত্তে।
মনত কৰে পুত্ৰ-ভাৰ্য্যা-বিত্তে॥
তীৰ্থ বুলি কৰে জলত শুদ্ধি।
প্ৰতিমাত কৰে দেৱতা বুদ্ধি॥
বৈষ্ণৱত নাই ইসৱ মতি।
গৰুতো অধম কৃষ্ণ বদতি॥”
ইয়াত স্পষ্টভাৱে স্থুলবুদ্ধিৰ লোকে “অনাত্মা দেহক আত্মা বুদ্ধি” কৰা আৰু অনিত্য বস্তুক নিত্য বোধ কৰা মূৰ্খালিৰ বিৰুদ্ধেহে যুক্তি দিছে; তাকে নুবুজি যদি কোনোৱে ডিঙিত ছিপ্ লৈ “শৰীৰ-শৱ” ত্যাগ কৰিব খোজে, তাৰ বাবে শঙ্কৰদেৱ দোষী নহয়। গুৰুজনাৰ বাহিৰেও নাৰায়ণ ঠাকুৰ প্ৰভৃতিৰ গৃহী-সন্ন্যাসীৰ আদৰ্শ বা চৰণ- ধূলিয়ে বহুতক তাৰিব পাৰে আজিও; “মুখে ৰাম-নাম হাতে কৃত কাম”, “বুদ্ধিত সমস্ত ত্যজিয়োক, বাহিৰত সঙ্গ দেখায়োক” আদি কথাৰ মৰ্ম বুজিবলৈ অকপট চিত আৰু নিৰ্মল বুদ্ধি প্ৰয়োজন নিশ্চয়।
গুৰুজনাৰ প্ৰৱৰ্ত্তিত প্ৰসঙ্গ-প্ৰণালীয়ে ভক্তি-ধৰ্মৰ দৈনন্দিন ব্যৱহাৰৰ পদ্ধতি দেখুৱায়। “ৰাখে হৰি মাৰে কোন। মাৰে হৰি ৰাখে কোন॥” “হৰিয়ে নাৰাখিলে জৰীয়ে নাৰাখে।” আদি প্ৰৱচন গুৰুজনাৰ প্ৰচাৰিত ভক্তি-ধৰ্মৰ গুণে অসমীয়াৰ হাড়ে-হিমজুৱে সোমাই পৰা কথা। ভক্তি-ধৰ্মৰ আশীৰ্বাদত “পতান ধানেৰে ভৰাল ভৰা, মৰা গৰুৰে গোহালি ভৰা” বা তেনে ধৰণৰ কথা নাই; “গুৰু- ভকতৰ সেৱা কৰি থাকিবৰ” ভৰষাৰেহে সেৱা জনায়। দুৰ্গা–পূজা পাতি ৰুছিয়া শক্তিশালী হোৱা নাই, লক্ষ্মী-পূজা পাতি আমেৰিকা