স্বয়ং বেদৰ গৰাকী হল; দেৱ-শ্ৰেষ্ঠ মানুহক এনে অমৰ্য্যাদাৰ পৰা উদ্ধাৰ কৰাৰ বাবেও উপনিষদ চিৰগৌৰৱ-মণ্ডিত থাকিব নিশ্চয়।
কৱচ, বৎস,সত্যকাম, জাবাল আদিৰ উদাহৰণৰ পৰা বুজিব পাৰি পুৰোহিতবোৰে ব্ৰাহ্মণ যুগত জাতিভেদ জন্মগত কৰি পুৰুষানুক্ৰমে সুবিধা ভোগৰ অপচেষ্টা কৰিলেও উপনিষদৰ যুগত সেই আপচু মুখখন অৱশ্যে লুকুৱাব লগাত পৰিছিল। সেই যুগৰ আৰ্য্য সমাজৰ মানসিক আৰু শিক্ষামূলক চৰম উৎকৰ্ষৰ উদাহৰণ উপনিষদবোৰৰ পাতে পাতে দেখিবলৈ পোৱা হয়। বাল্য বিবাহৰ প্ৰচলন আৰু বিধবা বিবাহৰ প্ৰচলন, অন্ততঃ এনে আদৰ্শৰ সমৰ্থন, এই যুগৰ অন্যতম বিশেষত্ব। ছান্দোগ্য উপনিষদৰ শ্বেতকেতু অৰুণেয় আৰু সত্যকাম জাবালৰ কাহিনী আৰু বৃহদাৰণ্যক উপনিষদৰ আকণিৰ বৃত্তান্ত আদিয়ে এই যুগৰ যেনেকৈ জ্ঞান-উম্মেষৰ জ্বলন্ত প্ৰমাণ যাচে, বৃহদাৰণ্যক উপনিষদতে আকৌ ঋষি যাজ্ঞবল্ক্য আৰু তেওঁৰ পত্নী মৈত্ৰেয়ীৰ উৎকৃষ্ট জ্ঞানগৰ্ভ কথোপকথন, আৰু গাৰ্গী বাচকনৱীৰ অনুপম জ্ঞানৰ নিদৰ্শন জগতৰ তিৰুতা জাতিৰ মাজত তেনেকৈ অপূৰ্ব আৰু অভিনৱ কাহিনী নিশ্চয়।
উপনিষদৰ যুগৰ এই জাগৰণৰ মূলত নিশ্চয় ক্ষত্ৰিয়বিলাক। আৰ্য-অনাৰ্যৰ লেথেৰি নিছিগা ৰণত আদিমবাসীবিলাকক পৰাস্ত কৰি অকল শাসক জাতিৰূপেই তেওঁলোক সমাজত প্ৰতিষ্ঠিত হৈ বহি নাথাকিল; ধৰ্ম-জগতৰো স্বাধীন চিন্তাৰ ক্ষেত্ৰত আকৌ ক্ষত্ৰিয়বিলাকেই আগ-ৰণুৱা হল। হীন স্বাৰ্থ আৰু সঙ্কীৰ্ণতা দোষত দুষ্ট ব্ৰাহ্মণ গ্ৰন্থবোৰৰ নিৰৰ্থক আৰু প্ৰাণহীন ক্ৰিয়া-কাণ্ডৰ বিৰুদ্ধেই উপনিষদ সাহিত্য নিশ্চয় জগতৰ যাউতিযুগীয়া উচ্চতম স্বাধীন চিন্তাৰ বিজয় স্তম্ভ। এই ব্ৰাহ্মণ গ্ৰন্থবোৰতে পুৰোহিত শ্ৰেণীয়ে নিজ ক্ষুদ্ৰ স্বাৰ্থৰক্ষাৰ বাবে শেষ যুগত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হল। “যি বিদ্যা লভিলে নেদেখা দেখিব পাৰি, নুশুনা শুনিব পাৰি, নভবাও ভবা হয় আৰু নজনাও জনা হয়,” উপনিষদৰ সেই নতুন